Advertisment

হাটশিঙিমাৰীৰ স্বাস্থ্য সেৱা উৎসৱত অতিৰিক্ত মুখ্য সচিব এম আৰিজ আহমেদ

হাটশিঙিমাৰী জিলা চিকিৎসালয়ত উপস্থিত হৈ স্বাস্থ্য সেৱা উৎসৱৰ বাহ্যিক মূল্যায়ক হিচাপে দায়িত্ব পালন কৰে অতিৰিক্ত মুখ্য সচিব এম আৰিজ আহমেদে। জিলা চিকিৎসালয়ত অত্যাধিক ৰোগীৰ সৈতেও মত-বিনিময় কৰে অতিৰিক্ত মুখ্য সচিব গৰাকীয়ে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,মানকাচৰঃ   অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ উদ্যোগত ৰাজ্যজুৰি আৰম্ভ হৈছে 3.0 স্বাস্থ্য সেৱা উৎসৱ। হাটশিঙিমাৰীত তিনিদিনীয়া কাৰ্যসূচী লৈ উপস্থিত হৈছে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ড০ এম আৰিজ আহামেদ। মঙলবাৰে দিনৰ প্ৰায় ১ বজাত তেওঁ হাটশিঙিমাৰী জিলা চিকিৎসালয়ত উপস্থিত হৈ স্বাস্থ্য সেৱা উৎসৱৰ বাহ্যিক মূল্যায়ক হিচাপে দায়িত্ব পালন কৰে।

Advertisment

জিলা চিকিৎসালয়ৰ বিভিন্ন সমস্যা সমাধান কৰাৰ বাবে প্ৰতিটো বিভাগ আৰু কক্ষ পৰ্যবেক্ষণ কৰে। প্ৰায় ৫ লাখ ১৬ হেজাৰ লোকক লৈ চৰকাৰে নিৰ্মাণ কৰা জিলা চিকিৎসালয়ত অত্যাধিক ৰোগীৰ উপস্থিতি দেখি অতিৰিক্ত মুখ্য সচিব গৰাকীয়ে ৰোগীৰ সৈতেও মত-বিনিময় কৰে।

ৰোগী সকলে পৰ্যাপ্ত চিকিৎসা সেৱা লাভ কৰিছেনে নাই, ৰোগী সকলে হাস্পাতালত স্বাস্থ্য পৰীক্ষা কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে নেকি, কি পদক্ষেপ গ্ৰহণ কৰিলে ৰোগী সকলে শাৰী পাতি নাথাকি কম সময়ৰ ভিতৰত স্বাস্থ্য পৰীক্ষা কৰিব পাৰিব, ৰোগী সকলে সময়মতে ঔষধ পায়নে নাই, আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত ৰোগীয়ে পৰ্যাপ্ত সুবিধা লাভ কৰিছে নে নাই আদি বিষয়ৰ ওপৰত ৰোগী তথা হাস্পাতাল কতৃপক্ষৰ সৈতে মতামত গ্ৰহণ কৰা পৰিলক্ষিত হয়।

এই কাৰ্যসূচীত জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালয়ক ডাঃ মিনহাজ চৌধুৰী, জিলা স্বাস্থ্য বিভাগৰ প্ৰকল্প বিষয়া ৰুফুল আমিন, জিলা টীকাকৰণ বিষয়া ডাঃ ছিৰাজুল ইছলাম, জিলা চিকিৎসালয়ৰ অধীক্ষক ডাঃ ছামছুল হক সহ কেবাগৰাকী চিকিৎসক আৰু চিকিৎসাকৰ্মী উপস্থিত আছিল।

আজি অতিৰিক্ত মুখ্য সচিব গৰাকীয়ে দক্ষিণ শালমাৰা এলেকাৰ টুমনী সমূহীয়া স্বাস্থ্য কেন্দ্ৰ পৰ্যবেক্ষণ কৰি দক্ষিণ শালমাৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু শিমলাকান্দ উপস্বাস্থ্য কেন্দ্ৰত বাহ্যিক মূল্যায়ক হিচাপে উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। 

স্বাস্থ্য সেৱা উৎসৱ