/asomiyapratidin/media/media_files/2025/11/23/4-2025-11-23-09-08-28.jpg)
ডিডিটেল ডেস্কঃ মানকাচৰত আৰক্ষীৰ তীব্ৰ অভিযান। আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই কফ ছিৰাফসহ এটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।
উল্লেখযোগ্য যে, শনিবাৰে নিশা প্ৰায় ১১ বজাত মানকাচৰ বজাৰৰ তিনি আলিত মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জে এছ খুবুং আৰু উপ আৰক্ষী অধীক্ষক কিশোৰ পাটোৱাৰীৰ নেতৃত্বত আৰক্ষীয়ে ড্ৰাগছবিৰোধী অভিযান চলাইছিল। আৰক্ষীয়ে এই অভিযানৰ জৰিয়তে ২০ টা ক'ফ ছিৰাফসহ এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোক মানকাচৰৰ সাহাপাৰাৰ সাহা মিঞাৰ পুত্ৰ মানিক চান্দ বুলি জানিব পৰা গৈছে।
তাৰোপৰি মানিক চান্দৰ পৰা এখন মটৰ চাইকেল, এটা মোবাইল ফোন জব্দ কৰাও পৰিলক্ষিত হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us