Advertisment

১৪ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড হাটশিঙিমাৰী আদালতৰ...

দক্ষিণ শালমাৰা-মানকাচৰ জিলা সত্ৰ ন্যায়াধীশ আদালতৰ ন্যায়াধীশ সঞ্জয় হাজৰিকাৰ এজনীয়া বিচাৰপীঠে দুদিন পূৰ্বে হত্যাৰ অভিযুক্ত লোক কেইজনক দোষী সাব্যস্ত কৰিছিল।

author-image
Asomiya Pratidin
New Update
১

ডিজিটেল সংবাদ,হাটশিঙিমাৰীঃ  দক্ষিণ শালমাৰা-মানকাচৰ জিলা সত্ৰ ও ন্যায়াধীশ আদালতে ১৪জনকৈ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহে।উল্লেখযোগ্য যে, জিলা সত্ৰ ন্যায়াধীশ আদালতৰ ন্যায়াধীশ সঞ্জয় হাজৰিকাৰ এজনীয়া বিচাৰপিঠে দুদিন পূৰ্বে হত্যাৰ অভিযুক্ত লোক কেইজনক দোষী সাব্যস্ত কৰি দুদিনৰ বাবে ধুবুৰীত ন্যায়িক জিম্মাত প্ৰেৰণ কৰিছিল।

Advertisment

আজি পুনৰ আদালতত হাজিৰ কৰোৱাৰ পাচত তেওঁলোকৰ শাস্তি ঘোষণা কৰা হয়। ১৪ হত্যাকাৰীক আদালতে আজি যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰিছে। মৃত্যুৰ আগলৈকে হত্যাকাৰী কেইজনে জেলতে থাকিব লাগিব বুলি লোক অধিবক্তাই জানিবলৈ দিছে। লক্ষ্যণীয় যে, ২০২১ চনৰ ১৩ মে’ত মোহাক্কাৰ হুছেইন নামৰ লোকজনক হত্যাকাৰীয়ে দাৰে ঘপিয়াই আক্ৰমণ কৰে।

লগে লগে পুত্ৰ আব্দুৰ ৰৌফ আল হাছান (৩২) পিতৃ মোহাক্কাৰ হুছেইনক উদ্ধাৰৰ বাবে যোৱাত তেওঁকো দাৰে ঘপিয়াই গুৰুতৰভাৱে আঘাত কৰে। স্থানীয় ৰাইজৰ ভিৰৰ সুবিধা লৈ হত্যাকাৰীয়ে পলায়ণ কৰে। গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত পিতা-পুত্ৰক স্থানীয় গজাৰিকান্ধি হাস্পতালত নিয়া হয় যদিও অৱস্থা সংকটজনক হোৱাত দুয়োকে গোৱালপাৰালৈ প্ৰেৰণ কৰা হয়।

গোৱালপাৰালৈ লৈ যোৱা পাছতে পুত্ৰ আব্দুৰ ৰৌফ আল হাছান মৃত বুলি চিকিৎসকে ঘোষণা কৰে। বৰ্তমান পিতৃ মোহাক্কাৰ হুছেইন সুস্থ অৱস্থাত আছে। এই ঘটনাৰ পাচত মানকাচৰ থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ৩৭৯/২১ নম্বৰত গোচৰ পঞ্জীয়ন কৰি মূল অভিযুক্ত সহ ১৬ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰে।

মূল অভিযুক্ত ইচাম গণি জেলত থকা অৱস্থাতে মৃত্যু মুখত পৰাৰ লগতে বাকী অভিযুক্ত কেইজনে জামিন লাভ কৰে। হাটশিঙিমাৰী জিলা সত্ৰ ও ন্যায়াধীশ আদালতৰ লোক অধিবক্তা বিশ্বজিত মহন্তৰ যুক্তি আৰু তথ্য প্ৰমানৰ ভিত্তিত আজি ন্যায়াধীশ সঞ্জয় হাজৰিকাই ১৪ অভিযুক্তক হত্যাকাৰী হিচাপে দোষী সাব্যস্ত কৰে।

দোষী সাব্যস্ত হোৱা হত্যাকাৰী কেইজন ক্ৰমে- ওমৰ ফাৰুক, ৰফিকুল ইছলাম, আফিয়া খাতুন, সাহাজামাল সেখ, কামাল হুছেইন,ৰানা মিঞা, সাদোৱাল সেখ, সম্ৰাট আকন্দ,আক্কাছ আলী, আছুৰ উদ্দীন, ৰফিকুল সেখ, আছুল উদ্দীন, নজৰুল ইছলাম, জাহান উদ্দীন আৰু উজিৰ মহাম্মদ।

মূল অভিযুক্ত ইচাম গণি জেলৰ ভিতৰতে মৃত্যু মুখত পৰাৰ লগতে আন এজন অভিযুক্ত আছকাৰ আলী গোচৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইফালে সাদোৱাল সেখ নামৰ লোকজন হাটশিঙিমাৰী শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ এগৰাকী চৰকাৰী কৰ্মচাৰী।

অসম