চৰকাৰী চাকৰি দিয়াৰ নামত কোটি টকা লুটিলে বাণীকান্তই...

হাতীগাঁও আৰক্ষীৰ জালত এজন প্ৰৱঞ্চক। চৰকাৰী চাকৰিৰ দিয়াৰ প্ৰলোভনেৰে বাণীকান্ত মেধি (37) নামৰ প্ৰৱঞ্চকটোৱে লুটিছিল ধন। বাণীকান্ত মেধিৰ ঘৰ মহানগৰীৰ সাতগাঁৱত বহু মানুহৰ পৰা চাকৰি দিয়াৰ প্ৰলোভনেৰে কোটি টকা সৰকাইছিল বাণীকান্ত মেধিয়ে।

author-image
Asomiya Pratidin
New Update
dadadad
  • হাতীগাঁও আৰক্ষীৰ জালত এজন প্ৰৱঞ্চক।
  • চৰকাৰী চাকৰিৰ দিয়াৰ প্ৰলোভনেৰে বাণীকান্ত মেধি (37) নামৰ প্ৰৱঞ্চকটোৱে লুটিছিল ধন।
  • বাণীকান্ত মেধিৰ ঘৰ মহানগৰীৰ সাতগাঁৱত
  • বহু মানুহৰ পৰা চাকৰি দিয়াৰ প্ৰলোভনেৰে কোটি টকা সৰকাইছিল বাণীকান্ত মেধিয়ে।
  • ভুৱা বিজ্ঞাপন আৰু ভুৱা তথ্য পাতি প্ৰদান কৰি ধন আত্মসাত কৰিছিল ধৃত বাণীকান্ত মেধিয়ে ।
  • ১.২৬ কোটি টকাৰো অধিক ধন আত্মসাত কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে।
  • ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বাণীকান্ত মেধিক।
  • দেওবাৰে নিশা সাতগাওঁৰ বাসগৃহৰ পৰা আটক কৰিছিল আৰক্ষীয়ে।
  • সোমবাৰে উপযুক্ত তথ্য প্ৰমাণ লাভ কৰাৰ পাছত বাণীকান্ত মেধিক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
  • সাংস্কৃতিক জগতৰ বহু নামী- দামী তাৰকাৰ সৈতে অতি ঘনিষ্ঠ সম্পৰ্ক বাণীকান্ত মেধিৰ।
গুৱাহাটী গুৱাহাটী আৰক্ষী