/asomiyapratidin/media/media_files/2025/12/18/1-2025-12-18-23-13-24.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ সাত ভনী ৰাজ্যসমূহক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ ভাবুকিৰ পাছতে এইবাৰ বাংলাদেশৰ নেচনেল চিটিজেন পাৰ্টিৰ (NCP) দক্ষিণৰ মুখ্য সংগঠকহাচনাত আব্দুল্লাহই ভাৰতৰ বিৰুদ্ধে চৰম স্থিতি গ্ৰহণ কৰিছে।
বুধবাৰে কুমিল্লাৰ দেৱীদ্বাৰত অনুষ্ঠিত এক জনসভাত ভাষণ দি আব্দুল্লাহই ঢাকাৰ পৰা ভাৰতীয় উচ্চায়ুক্তক বহিষ্কাৰ কৰিবলৈ দাবী জনায়। কুমিল্লা-৪ সমষ্টিৰ বাবে এনচিপিৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হাচনাত আব্দুল্লাহই কয়,
"ভাৰতে দিল্লীত আমাৰ উচ্চায়ুক্তক চমন জাৰি কৰা কাৰ্যত আমি অধিক কঠোৰ হ'ব লাগিছিল। ভাৰতীয় উচ্চায়ুক্তক দেশৰ পৰা উলিয়াই দিব লাগিছিল, কাৰণ ভাৰতে শ্বেখ হাছিনাক আশ্ৰয় দিছে।"
তেওঁ লগতে কয় যে, ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক কেৱল পাৰস্পৰিক সন্মানৰ ওপৰত ভিত্তি কৰিহে চলিব পাৰে। উল্লেখনীয় যে, বুধবাৰে ভাৰত চৰকাৰে দিল্লীত থকা বাংলাদেশৰ উচ্চায়ুক্তৰিয়াজ হামিদুল্লাহক চমন জাৰি কৰিছিল। ঢাকাত থকা ভাৰতীয় উচ্চায়োগৰ নিৰাপত্তাক লৈ নতুন দিল্লীয়ে তীব্ৰ উদ্বেগ প্ৰকাশ কৰাৰ পাছতেই এই পদক্ষেপ লোৱা হৈছিল।
ইয়াৰ প্ৰত্যুত্তৰ হিচাপেই হাচনাত আব্দুল্লাহই ভাৰতীয় উচ্চায়ুক্তক বহিষ্কাৰৰ দাবী তুলিছে। লগতে তেওঁৰ মতে, ভাৰতৰ একাংশ সংবাদ মাধ্যম আৰু ৰাজনীতিবিদে বাংলাদেশৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই আহিছে, যাৰ বাবে এনে কঠোৰ পদক্ষেপ লোৱাটো দৰকাৰী হৈ পৰিছে।
প্ৰণিধানযোগ্য যে, যোৱা কিছুদিন ধৰি বাংলাদেশৰ একাংশ নেতাই ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহক লৈ কৰা মন্তব্যই সম্পৰ্ক অধিক তিক্ত কৰি তুলিছে। ভাৰতে ইয়াৰ পূৰ্বেই স্পষ্ট কৰি দিছে যে বাংলাদেশৰ মাটিত ভাৰত বিৰোধী কোনো কাৰ্যক কদাপি সহ্য কৰা নহ'ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us