ডিজিপিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, দাখিল এজাহাৰ..

ৱাই পুৰণ কুমাৰে আত্মহত্যাৰ টোকাত ডিজিপিকে ধৰি কেইবাজনো জ্যেষ্ঠ বিষয়াৰ বিৰুদ্ধে প্ৰশাসনিক হাৰাশাস্তি, পক্ষপাতিত্ব, আৰু জাতিভিত্তিক বৈষম্যৰ অভিযোগ উত্থাপন কৰা বুলি জানিব পৰা গৈছে।

author-image
ৰিম্পী গগৈ
New Update
gtjufdf

ডিজিটেস ডেস্কঃ এগৰাকী আই পি এছৰ জ্যেষ্ঠ বিষয়া আত্মহত্যাৰ পিছতে দেশজুৰি চৰ্চালৈ আহিছে হাৰিয়ানাৰ আৰক্ষী সঞ্চালক প্ৰধানৰ নাম। ১৯৯০ চনৰ বেচৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া নাম হৈছে শত্ৰুজীত কাপুৰ।

তিনিটা দশকৰো অধিক সময় ধৰি আৰক্ষী সেৱাত থকা বিষয়া গৰাকীয়ে ২০২৩ চনৰ ১৬ আগষ্টত হাৰিয়ানাৰ ডিজিপি হিচাপে দায়িত্ব গ্ৰহণ কৰি আইন-শৃংখলা বজাই ৰখা, অপৰাধ প্ৰতিৰোধৰ তদাৰক কৰা, প্ৰশাসনিক সংস্কাৰ ৰূপায়ণৰ ক্ষেত্ৰত ৰাজ্যখনৰ আৰক্ষী বাহিনীক নেতৃত্ব দি আহিছে। ইয়াৰ পূৰ্বে তেওঁ ৰাজ্যখনৰ দুৰ্নীতি বিৰোধী ব্যুৰোৰ (এচিবি) সঞ্চালক প্ৰধান হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

পিছে শেহতীয়াকৈ এগৰাকী আই পি এছ বিষয়া ৱাই পুৰণ কুমাৰৰ আত্মহত্যাৰ চলি থকা তদন্তত ওলাইছে তেওঁৰ নাম। ৱাই পুৰণ কুমাৰে আত্মহত্যাৰ টোকাত ডিজিপিকে ধৰি কেইবাজনো জ্যেষ্ঠ বিষয়াৰ বিৰুদ্ধে প্ৰশাসনিক হাৰাশাস্তি, পক্ষপাতিত্ব, আৰু জাতিভিত্তিক বৈষম্যৰ অভিযোগ উত্থাপন কৰা বুলি জানিব পৰা গৈছে। কুমাৰৰ পত্নীয়ে দাখিল কৰা এজাহাৰত উল্লেখ আছে ডিজিপি গৰাকীৰ নাম।

উল্লেখযোগ্য যে, কুমাৰৰ ৯ পৃষ্ঠাৰ চুইচাইড নোটত থকা বিস্ফোৰক অভিযোগৰ প্ৰতি সঁহাৰি জনাবলৈ প্ৰশাসনৰ ওপৰত হেঁচা বৃদ্ধি পোৱাৰ মাজতে হাৰিয়ানা চৰকাৰে ৰাজ্যখনৰ আৰক্ষী অধীক্ষক শত্ৰুজীত কাপুৰক ছুটীলৈ পঠোৱাৰ ঘটনাই সমগ্ৰ বিষয়টো অধিক ৰহস্যঘণ কৰি তুলিছে। ইফালে এই অভিযোগৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। 

ইফালে, এই ঘটনা সন্দৰ্ভত তদন্ত কৰিবলৈ এখন আয়োগ গঠন কৰা হৈছে। উচ্চতম ন্যায়ালয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত মুখ্য় সচিবক এসপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

হাৰিয়ানা