/asomiyapratidin/media/media_files/2025/08/28/1-2025-08-28-17-30-32.jpg)
ডিজিটেল ডেস্কঃ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক,বেদাচাৰ্য, দৰ্শনাচাৰ্য, ভাগৱতাচাৰ্য মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ আজি ৬০০ বছৰীয়া জন্মজয়ন্তী। মহাপুৰুষজনাৰ আৱিৰ্ভাৱ তিথি উপলক্ষে তেওঁ স্থাপন কৰা আদিসত্ৰ বহৰিৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভক্তপ্ৰাণ ৰাইজে উলহ-মালহেৰে হৰিদেৱৰ জন্মজয়ন্তী পালন কৰিছে।
লক্ষ্যণীয় য়ে, মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱে ভক্তি আন্দোলনৰ যোগেদি মানৱৰ অন্তৰৰ পৰা সংকীৰ্ণতা আঁতৰাই সকলোকে ঈশ্বৰমুখী কৰিছিল। গুৰুজনাৰ প্ৰচাৰিত নৱ বৈষ্ণৱ ধৰ্মত জাতি-কুলৰ কোনো বাচ-বিচাৰ নাছিল।
সেই মহাপুৰুষ গৰাকীক সোঁৱৰি তেওঁৰ অসংখ্য অনুগামীৰ অংশগ্ৰহণেৰে আজি কেবাখনো সত্ৰত দিনজোৰা কাৰ্যসূচী গ্ৰহণ কৰা হয়। বহৰিত নাম-প্ৰসংগ আৰু ভাগৱত ভ্ৰমণ কাৰ্যসূচীও অনুষ্ঠিত হয়। কেবা শতাধিক লোকে ভাগৱত ভ্ৰমণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
সমগ্ৰ বহৰি নগৰজুৰি এই ভাগৱত ভ্ৰমণ কৰা হয়। জন্মজয়ন্তীৰ কাৰ্যসূচী অনুসৰি দুপৰীয়া গুৰুচৰিত পাঠ, আয়তী আৰু ভকতৰ প্ৰসংগ, ৰাজহুৱা নাম অনুষ্ঠিত হয়।