/asomiyapratidin/media/media_files/2025/10/31/100-2025-10-31-23-14-41.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ ৰঙাচকুৱা অঞ্চলৰ দক্ষিণ চাৰিপুখুৰী গাঁৱৰ স্বৰ্গীয় শ্ৰীনাৰায়ণ সমন্বয় ক্ষেত্ৰত অহোৰাত্ৰি অখণ্ড হৰিকীৰ্ত্তন সমাৰোহৰ শুকুৰবাৰে প্ৰথম কাৰ্য্যসুচী সম্পন্ন হয় ৷ উত্তৰ জামুগুৰি কেন্দ্ৰীয় হৰিকীৰ্ত্তন সমিতিৰ উদ্যোগত আৰু অচ্যুত পুনৰ জন্ম কীৰ্ত্তন সংঘ ও ৰমা মহিলা কীৰ্ত্তন সংঘৰ আতিথ্যত তিনি দিনিয়াকৈ আয়োজন কৰা হৈছে ৬৭ সংখ্যক অখণ্ড হৰি কীৰ্ত্তন সমাৰোহ।
সমাৰোহৰ পুৱা গছপুলি ৰোপন কাৰ্য্যসুচীৰ পিচত সন্ধিয়া ৫বজাত বন্তি প্ৰজ্বলন কৰে ধৰ্ম্মানন্দ ভট্টৰায়ে সহযোগ কৰে মোহন ঢুংগেলে ৷ ইয়াৰ পিচতে ভক্তপ্ৰান ৰাইজে হৰেকৃষ্ণ হৰে ৰাম ধ্বনিৰে আকাশ বতাহ মুখৰিত কৰে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us