/asomiyapratidin/media/media_files/2025/02/26/vMpNk11ocrfe2dydc3WA.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ ভাৰতীয় জনতা পাৰ্টিৰ মহীৰূহস্বৰূপ, বিশেষকৈ জৰুৰীকালীন অৱস্থাত নিজকে গণতন্ত্ৰ ৰক্ষাৰ হকে সমৰ্পিত কৰা দলৰ এগৰাকী অন্যতম জ্যেষ্ঠ কাৰ্যকৰ্তা তথা পূৰ্বৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰীযুত হৰেকৃষ্ণ ভৰালীৰ দেহাৱসান।
মঙলবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত অন্তিম নিশ্বাস ত্যাগ কৰে ভৰালীয়ে। জানিব পৰা মতে মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকী। তেওঁৰ মৃত্যুত দলৰ নেতা-কৰ্মীৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি দিলিপ শইকীয়াই শোক প্ৰকাশ কৰে। পৰিয়ালকো সমবেদনা জ্ঞাপন কৰে দিলিপ শইকীয়াই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us