/asomiyapratidin/media/media_files/2025/12/02/new-ap-web-5-3-2025-12-02-15-11-59.jpg)
ডিজিটেল ডেস্ক : ছিক্কিমৰ ভাৰত- চীন সীমান্তৱৰ্তী অঞ্চলত এজন অমৰ জোৱান আছে। নাম তেওঁৰ হৰভজন। ৫৭ বছৰ আগতেই এইজন জোৱানৰ মৃত্যু হৈছিল। মৃত্যুৰ পাছতো কৰ্তব্য সম্পাদন কৰি আছে কিন্তু এইজন ভাৰতীয় সেনা জোৱানে।
হাৰিয়ানাৰ গুজৰানৱালত ১৯৪৬চনৰ ৩০ আগষ্টত জন্ম হৈছিল হৰভজনৰ। যোগ দিছিল তেওঁ ভাৰতীয় সেনাত। পোষ্টিং আছিল ছিক্কিমত। সেই সময়তে এক অঘটন সংঘটিত হৈছিল। মাত্ৰ দুবছৰ সেনা বাহিনীত কাম কৰা হৰভজনক উটুৱাই নিছিল পাহাৰীয়া নদীৰ কোবাল সোঁতে।
তাৰ পাছত বহুদিনলৈ উদ্ধাৰ হোৱা নাছিল তেওঁৰ মৃতদেহ। এদিন সপোনত সতীৰ্থ জোৱানক দেখুৱাইছিল- ক’ত আছে তেওঁৰ নশ্বৰদেহ। সপোনত দেখা ঠাইতে উদ্ধাৰ হৈছিল হৰভজনৰ মৃতদেহ। সতীৰ্থ সেনা জোৱানৰ মাজত চৰ্চা হৈছিল হৰভজনৰ সেই ঐশ্বৰিক গুণবোৰৰ কথা।
এনে কিছু প্ৰমাণো সতীৰ্থ জোৱানে পাইছিল যে তেওঁ মৰিও জীয়াই আছে। কৰি আছে ডিউটি। সেই বিশ্বাসেই সেনা জোৱানৰ মাজত গভীৰভাৱে ক্ৰিয়া কৰিলে। এটা মন্দিৰ স্থাপন কৰা হ’ল তেওঁৰ নামত। সেনাৰ বাবে তেওঁ হৈ পৰিল হৰভজন বাবা।
এই বিশ্বাস আৰু আস্থা এতিয়াও অটুট আছে। সেনাৰ নিয়ম অনুসৰি তেওঁক দি থকা হৈছে পদোন্নতি। দিয়া হয় ঘৰলৈ যাবলৈ ছুটী। অৱশ্যে পৰিয়ালৰ লোকৰ বাধাৰ বাবে সেই পৰম্পৰা এতিয়া বন্ধ হ’ল। ছুটীত নাযায় তেওঁৰ আত্মা।
ভাৰত- চীনৰ মাজৰ সীমান্তত দ্বিপাক্ষিক বৈঠক হ’লে সেনা বিষয়াসকলেও এখন চকী খালী ৰাখে। বিশ্বাস কৰে সেই চকীতেই হৰভজনৰ অশৰীৰ আত্মা বহে। তেওঁৰ সাজ- পোচাক সাজু কৰি ৰখা হয়। তেওঁৰ মাৰণাস্ত্ৰ, জোতা সকলো পৃথকভাৱে থৈ দিয়া থাকে।
তেওঁৰ মন্দিৰলৈ যোৱাতো সেনা জোৱানসকলে এক পবিত্ৰ কাম বুলি গন্য কৰে। চাফ- চিকুণকৈ ৰখা হয় মন্দিৰ চৌহদ। মন্দিৰতে আছে তেওঁৰ বাবে বিচনা। এনেকৈয়ে মৃত্যুৰ ৫৭ বছৰ পাছতো অমৰ হৈ ৰৈছে হৰভজন। হৰভজন এতিয়া ভাৰতীয় প্ৰতিজন সেনাৰ বাবে প্ৰেৰণা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us