/asomiyapratidin/media/media_files/2025/08/27/web-ap-sivsagar-2025-08-27-14-25-51.jpg)
ডিজিটেল সংবাদ,শিৱসাগৰঃ শিৱসাগৰত কাঠফুলাৰ দৰে বৃদ্ধি পাব ধৰিছে জাতীয় সংগঠন নামধাৰী একাংশ অনুষ্ঠানৰ। কেইজনমান যুৱক একত্ৰিত হৈ ক্লাৱ ঘৰৰ দৰে জন্ম দিয়া এই সংগঠন সমূহে বৰ্তমান শিৱসাগৰত সন্ত্ৰাসৰ সৃষ্টি কৰিছে।
জাতীয় সংগঠনৰ নাম লৈ বিভিন্ন কাৰ্যসূচী হাতত লোৱা এনে একাংশ সংগঠনে শিৱসাগৰৰ ব্যৱসায়িক মহলত বৰঙণি বিচৰাৰ নামত জোৰ-জুলুম কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে। বিশেষকৈ অনা অসমীয়া ব্যৱসায়িক মহল একাংশ তথাকথিত জাতীয় সংগঠনৰ এনে অত্যাচাৰত অতিষ্ঠ হৈ উঠিছে।
বাৰ মাহত তেৰটা অনুষ্ঠান হাতত লোৱা এই সংগঠনসমূহে আনকি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ নামতো ব্যৱসায়িক প্ৰতিষ্ঠানৰ চান্দা আদায় কৰে। যি সময়ত শিৱসাগৰ জিলা প্ৰশাসনে যোৱা ১১ আগষ্ট তাৰিখে কোনো ব্যক্তি,প্ৰতিষ্ঠান অথবা ব্যৱসায়িক মহলৰ পৰা ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ১৬৩ৰ অধীনত ধন সংগ্ৰহ অবৈধ বুলি আদেশ জাৰি কৰি থৈছে তেনে সময়ত একাংশ জাতীয় সংগঠনৰ নামধাৰী অনুষ্ঠানে জোৰজবৰদস্তি বৰঙণিৰ নামত ধন সংগ্ৰহ কৰাক লৈ ক্ষোভিত হৈ পৰিছে ব্যৱসায়িক মহল।
জাতীয় সংগঠনৰ নাম লৈ এক প্ৰকাৰৰ ধনদাবীত লিপ্ত হোৱা একাংশ সংগঠনৰ সদস্যই দাবী কৰা বৰঙণি দিবলৈ অপাৰগতা প্ৰকাশ কৰিলে মাৰপিটৰ ভাবুকিও প্ৰদান কৰিব লৈছে। ভৱিষ্যতৰ ব্যৱসায়িক দিশলৈ চাই ব্যৱসায়ী সকলে এনে অভিযোগ প্ৰশাসনক প্ৰদান নকৰে যদিও বৰ্তমান পৰিস্থিতিলৈ চাই বিভিন্ন ব্যৱসায়িক সংগঠনৰ লগতে চেম্বাৰচ অৱ কমাৰ্চক এনে জুৰ-জুলুমক লৈ প্ৰশাসনক অৱগত কৰিবলৈ আহdবান জনাইছে বিভিন্ন ব্যৱসায়ীয়ে।
শিৱসাগৰত পৰিস্থিতি এনে ভয়াবহ হৈ পৰিছে যে বহু ঠিকাদাৰী প্ৰতিষ্ঠানে শিৱসাগৰত এনে একাংশ দল-সংগঠনৰ ভয়ত কাম লবলৈ অনিচ্ছা প্ৰকাশো কৰিছে। যাৰ প্ৰভাৱ শিৱসাগৰৰ সামগ্ৰিক অৰ্থনৈতিক মহলত পৰিছে। শিৱসাগৰ আৰক্ষী প্ৰশাসনে এনে তথাকথিত জাতীয় সংগঠনৰ এনে দৌৰাত্ম ৰোধ নকৰিলে বহু ব্যৱসায়ীয়ে শিৱসাগৰৰ পৰা টালি-টোপোলা বান্ধি যাবলৈ সাজু হোৱাৰো উপক্ৰম হৈছে।
ব্যৱসায়িক মহলৰ পৰা লাভ কৰা অভিযোগ অনুসৰি দল-সংগঠন সমূহে জাতীয় স্বাৰ্থত কৰা কামৰ বাবে সকলো সময়ত স্থানীয় ব্যৱসায়ী সকলে সহযোগিতা আগবঢ়াই আহিছে যদিও একাংশ দল-সংগঠনে বৰঙণিৰ নিৰিখ বান্ধি দাবী কৰাৰ ফলত সমস্যাৰ সৃষ্টি হৈছে।
বৰ্তমান সংকুচিত হৈ অহা ব্যৱসায়ত প্ৰায় ত্ৰিশটাৰো অধিক দল-সংগঠনে বছৰত এটাকৈ অনুষ্ঠান অনুষ্ঠিত কৰাৰ নামতো যদি নূন্যতম চন্দা সংগ্ৰহ কৰে তেন্তে এখন ব্যৱসায়িক প্ৰতিষ্ঠানে বছৰত লাখৰো অধিক ধন ভৰিব লগা হয়।ইয়াৰ পাছতো একাংশ জাতীয় সংগঠন নামধাৰী অনুষ্ঠানে বৰঙণিৰ নিৰিখ ধাৰ্য কৰি ধনদাবী কৰাৰ ফলত ব্যৱসায়ী সকলৰ অৱস্থা পানীত হাঁহ নচৰা হৈছে বুলি অভিযোগ কৰিছে একাধিক ব্যৱসায়িক মহলে।
শিৱসাগৰ জিলা প্ৰশাসনে এই অৱস্থা ৰোধ কৰিবলৈ কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে ব্যৱসায়ী সকলৰ ওপৰত হোৱা এনে জুলুমে ৰাইজৰ মূৰত মাধমাৰ পেলাই থাকিব তাক লৈ সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে।কিয়নো চান্দাৰ নামত এক বুজন পৰিমাণৰ ধন ভৰিব লগা হোৱা ব্যৱসায়ী সকলে সামগ্ৰীৰ বজাৰ।দৰ বৃদ্ধি কৰে ফলত ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰে সাধাৰণ ৰাইজৰ ওপৰত।