মৰিয়নীৰ ঐতিহাসিক গাভৰু পাহাৰত উদ্ধাৰ হোৱা হাতহিলৈটো যোৰহাট সংগ্ৰহালয়লৈ হস্তান্তৰ...

MARIONI
MARIONI

ডিজিটেল সংবাদ যোৰহাটঃ মৰিয়নীৰ ঐতিহাসিক গাভৰু পাহাৰৰ নামনিৰ তিৰুহিলছ সংৰক্ষিত বনাঞ্চলৰ চটাই পৰ্বতৰ তেলপুঙত উদ্ধাৰ হোৱা হাতহিলৈ( গাঠিয়া হিলৈ)টো আজি মৰিয়নী আৰক্ষী চকীৰ পৰা জিলা সংগ্ৰহালয়, যোৰহাটে আনুষ্ঠানিকভাৱে অধিগ্ৰহণ কৰে৷ মৰিয়নীৰ ৰাজহ চক্ৰ বিষয়া অসীম বুঢ়াগোঁহাইৰ উপস্থিতিত মৰিয়নী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ত্ৰিলোচন নাথে জিলা সংগ্ৰহালয় বিষয়া অবন্তিকা পৰাশৰক সম্পদবিধ হস্তান্তৰ কৰে৷

হিলৈটোৰ গাত খোদিত হৈ থকা লিপিসমূহ পৰীক্ষা কৰি জিলা সংগ্ৰহালয় বিষয়া অবন্তিকা পৰাশৰে জনায় যে, দীঘলীয়া সময়ৰ বাবে বোকা-মাটিৰে পোত খাই থকা বাবে লিপিসমূহৰ কিছু অংশ নষ্ট হৈ গৈছে যদিও ‘"স্বৰ্গ", "গদাধৰ" আদি শব্দবোৰ স্পষ্ট হৈ থকাৰ পৰা ইয়াক গদাধৰ সিংহৰ বুলি অনুমান কৰিব পাৰি৷

তদুপৰি সম্প্ৰতি অসম ৰাজ্যিক সংগ্ৰহালয়ৰ অধীনত থকা গদাধৰ সিংহৰ আন তিনিটা খোদিত হিলৈৰ লিপিৰ লগত এই লিপিখিনিৰ যথেষ্ট সাদৃস্য দেখা গৈছে৷ সেই দিশৰ পৰা এই হিলৈটোৰ সময়সীমা ১৬৮১ ৰ পৰা ১৬৯০ ৰ ভিতৰত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷

এই বিষয়ে সংগ্ৰহালয় সঞ্চালকালয়ৰ উদ্যোগত অধিক অধ্যয়নৰ আশ্বাস দি বিষয়াগৰাকীয়ে জিলা প্ৰশাসন, স্থানীয় আৰক্ষী, সংবাদকৰ্মী তথা স্থানীয় সচেতন লোকসকলক তেওঁলোকৰ সজাগতা তথা তৎপৰতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷

উল্লেখ্য যে, চটাই চাহ বাগিছাৰ লাচিত নায়ক, প্ৰকাশ গোৱালা,চিৰচৰ পাহাৰীয়া, ৰবী তাঁতী আৰু বিকাশ দুচাদ নামৰ যুৱককেইজনে যোৱা ৭ অক্টোবৰ তাৰিখে মাছ মাৰিবলৈ যাওতে তেলপুং নামৰ পাহাৰীয়া নদীখনৰ বালিত পোত খাই থকা অৱস্থাত হিলৈটো উদ্ধাৰ কৰিছিল৷

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in