পৰিচয় ওলাল হাউলী ৰাসত অত্যাধুনিক মডেলৰ ফৰচুনাৰ লাভ কৰা বৰপেটাৰ যুৱকজনৰ

বৰপেটাৰ যুৱক প্ৰীতম দাসে লাভ কৰিলে বিলাসী ফৰচুনাৰ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-20 at 11.46.56 PM

ডিজিটেল ডেস্কঃ ৯৮সংখ্যক হাউলী ৰাস মহোৎসৱৰ বৰঙণি পত্ৰৰ খেলৰ ফলাফল ইতিমধ্যে হৈছে। এই বৰঙণি পত্ৰৰ উপহাৰ হিচাপে আছিল প্ৰায় ডেৰ কোটি টকীয়া বিলাসী ডিফেণ্ডাৰৰ লগতে ২১খনকৈ বিলাসী বাহন।  প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ বিজেতাৰ আগৰ আৰু পিছৰ সৌভাগ্যৱানেও লাভ কৰিলে সোণ।

উল্লেখ্য যে পৰিচয় ওলাল হাউলী ৰাসত অত্যাধুনিক মডেলৰ ফৰচুনাৰ লাভ কৰা যুৱকজনৰ। বৰপেটাৰ যুৱক প্ৰীতম দাসে লাভ কৰিলে এই বিলাসী ফৰচুনাৰখন। পাঁচটা ১০০ টকীয়া টিকট ক্ৰয় কৰি বিলাসী ফৰচুনাৰ লাভ কৰাৰ পাছতে উৎফুল্লিত হৈ পৰিছে যুৱকজনৰ লগতে পৰিয়ালবৰ্গ। মাতৃ নিৰ্মালি দাসৰ সৈতে দুই সন্তানে ঘৰতে পিঠা-পনা, লাৰু, চিৰা, মুৰি আদি প্ৰস্তুত কৰি বিহু, উৎসৱৰ সময়ত বিক্ৰী কৰে পৰিয়ালটোৱে। 

ভাগ্যৰ খেলত জয়ী হৈ আনন্দত আত্মহাৰা হৈ পৰিছে এতিয়া বৰপেটাৰ যুৱক প্ৰীতম দাস। 

বৰপেটা