মুখ্যমন্ত্ৰীৰ নেতৃত্বত উন্নয়নৰ গণ আন্দোলন সৃষ্টি হৈছেঃ সুমন হৰিপ্ৰিয়া

কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত এই কাৰ্যসূচী অনুষ্ঠিত হয়। অসমত মহিলাৰ উন্নয়নৰ হকে কাম কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্বতকৈ কোনো নাই বুলিও সদৰী বিধায়িকা সুমন হৰিপ্ৰিয়াই।

author-image
Asomiya Pratidin
New Update
j

ডিজিটেল সংবাদ,হাজোঃ  "অসমত এতিয়া উন্নয়নৰ জোৱাৰ বৈ গৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত উন্নয়নৰ গণ আন্দোলনৰ সৃষ্টি হৈছে"- এই মন্তব্য বিধায়িকা সুমন হৰিপ্ৰিয়াৰ। হাজোত ৰেচন কাৰ্ড বিতৰণ কাৰ্য্যসূচীত অংশ লৈ এই কৰে হাজোৰ বিধায়িকা গৰাকীয়ে।

উক্ত কাৰ্যসূচীত বিধায়িকা গৰাকীৰ উপস্থিতিত ১৫ হাজাৰ হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণ কৰা হয়।উল্লেখ্যযোগ্য যে, কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত এই কাৰ্যসূচী অনুষ্ঠিত হয়। অসমত মহিলাৰ উন্নয়নৰ হকে কাম কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্বতকৈ কোনো নাই বুলিও সদৰী বিধায়িকা সুমন হৰিপ্ৰিয়াই।

সুমন হৰিপ্ৰিয়া