/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-09/50sjzca2/1.jpg)
ডিজিটেল সংবাদ,হাজোঃ পূজাৰ বতৰত হাজোৰ গর্জন বিলত মাছৰ উজান। বাৰিষাৰ পৰিৱৰ্তে খৰালিত উঠিল মাছৰ উজান। সেয়ে পূজাৰ আনন্দ এৰি মাছ ধৰাত ব্যস্ত হাজোৰ একাংশ লোক। উল্লেখযোগ্য যে বাৰিষা কালত খৰাং বতৰ হোৱা হেতুকে মাছৰ উজান একেবাৰে নাছিল।বিগত কিছুদিন পূৰ্বে হোৱা বৰষুণৰ হেতুকে ভৰি পৰিল বিলৰ পানী।
যাৰ বাবে বিলত এতিয়া চৌদিশে উঠিছে মাছৰ উজান। ৰৌ,ভকুৱা,বৰালি মাছৰে উভৈনদী হৈ পৰিছে সমগ্ৰ গর্জন বিল। ভিন্ন জাতৰ জাল লৈ মাছুৱৈ সকল ব্যস্ত পৰিল মাছ ধৰাত। যিটো সময়ত দুৰ্গা পূজাৰ আনন্দত চৌদিশ ৰজন জনাই আছে তেনে সময়ত হাজোৰ গর্জন বিলত মাছৰ উজনেই কিছু মানুহক ব্যস্ত কৰি ৰাখিছে।
Also Read: অনলাইন বজাৰত বাঢ়িছে শৰতৰ চাহিদা...