হাজোৰ বৰ্ণিত পাঁচ হাজাৰ লোকে পৰিৱেশন কৰিলে মায়াৱিনী

জুবিন গাৰ্গৰ ৰহস্যজনক হত্যাকাণ্ডৰ ন্যায় বিচাৰি  আল্লাহৰ ওচৰত দোৱা বিচাৰিলে স্থানীয় ৰাইজে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  জনপ্ৰিয় কণ্ঠশিল্পী নেকিবৰ নেতৃত্বত হাজোৰ বৰ্ণিত ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মবাৰ্ষিকী উদযাপন তথা শ্ৰদ্ধাজ্ঞলি অনুষ্ঠানৰ লগত সংগতি ৰাখি "পাঁচ হাজাৰ লোকে পৰিৱেশন কৰিলে মায়াৱিনী ৰাতিৰ বুকুত" । বৃহত্তৰ বৰ্ণিবাসী ৰাইজৰ সহযোগত "সমদৃৰ্ষ্টি"ৰ উদ্যোগত  লুইত কন্ঠ জুবিন গাৰ্গৰ জন্মবাৰ্ষিকী উদযাপনৰ লগতে শ্ৰদ্ধাজ্ঞলি অনুষ্ঠানৰ আয়োজন কৰা পৰিলক্ষিত হয় । 

উল্লেখ্য যে অনুষ্ঠানৰ আৰম্ভণিতে জুবিন গাৰ্গৰ ৰহস্যজনক হত্যাকাণ্ডৰ ন্যায় বিচাৰি  আল্লাহৰ ওচৰত দোৱা বিচাৰিলে ৰাইজে। তাৰপিছতে কন্ঠশিল্পী নেকিবে আঁত ধৰা অনুষ্ঠানটোত কণ কণ শিশুৰ সৈতে দহ সহস্ৰাধিক লোকে একেলগে গালে সম্প্ৰতি প্ৰাৰ্থনালৈ ৰূপান্তৰিত হোৱা  জুবিনৰ মায়াৱিনী গীতটি।

আনফালে দিনযোৰা কাৰ্যসূচীৰ অন্তত সন্ধিয়াৰ ভাগত বৰ্ণি হাইস্কুল খেলপথাৰৰ চৌপাশে গুঞ্জৰিত হৈ পৰিল প্ৰাৰ্থনালৈ ৰূপান্তৰিত হোৱা  মায়াৱিনী গীতৰে । 

হাজো