হাজোৰ দক্ষিণ বৰ্ণিত  চোৰৰ চাফাই অভিযান

ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে চুৰিকাণ্ডৰ ঘটনা। হাজোৰ দক্ষিণ বৰ্ণিত ঘৰৰ দৰ্জাৰ তলা ভাঙি চোৰে চুৰি কৰি নিলে ৪লাখ ৫০হাজাৰ টকা।

author-image
Asomiya Pratidin
New Update
new ap web 14.jpg (1)

ডিজিটেল সংবাদ,হাজোঃ ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে চুৰিকাণ্ডৰ ঘটনা। হাজোৰ দক্ষিণ বৰ্ণিত ঘৰৰ দৰ্জাৰ তলা ভাঙি চোৰে চুৰি কৰি নিলে ৪লাখ ৫০হাজাৰ টকা। জহুৰা খাতুন নামৰ মহিলা গৰাকী ঘৰত কোনো নথকাৰ সুযোগ  লৈ  দৰ্জাৰ তলা ভাঙি  প্ৰৱেশ কৰে চোৰে। 

উল্লেখ্য যে- জহুৰা খাতুনৰ পৰিয়ালে খেতি পথাৰত কাম কৰি থকা অৱস্থাত দৰ্জাৰ তলা ভাঙি চুৰি কৰি লৈ গল ৪লাখ ৫০ হাজাৰ টকা। গধুলী জহুৰা খাতুনৰ পৰিয়ালৰ লোক ঘৰত উপস্থিত হৈ তলা ভঙা অৱস্থাত প্ৰত্যক্ষ কৰাত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। ইপিনে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে ৰামদিয়া আৰক্ষীক খবৰ দিয়াত ৰামদিয়া আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

চুৰি কাৰ্য চুৰিকাণ্ড হোজাই