/asomiyapratidin/media/media_files/2026/02/13/whatsapp-im-2026-02-13-17-56-53.jpeg)
ডিজিটেল ডেস্কঃ হাজোত দিন-দুপৰতে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড। ৰখাই থোৱা দুচকীয়া বাহনৰ পৰা ডকাইতৰ দলে লুটি নিলে নগদ ধন।দমদমাৰ নৰেন্দ্ৰ মালাকৰ নামৰ লোকজনৰ AS-01-DW-0509 নম্বৰৰ স্কুটিৰ পৰা ডকাইতৰ দলে লুটি নিয়ে নগদ এক লাখ টকা।
/asomiyapratidin/media/post_attachments/fd0532d1-282.png)
উল্লেখ্য যে, হাজোৰ ষ্টেট বেংক শাখাৰ পৰা ধনখিনি উলিয়াই আনি পানীপাৰাৰ এটা দুচকীয়া বাহনৰ শ্ব' ৰূমৰ সন্মুখত বজাৰ কৰিবলৈ ৰৈছিল লোকজন। সেই সময়তে এই চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হয়। ইপিনে চিচিটিভিত বন্দী ডকাইতিৰ সমগ্ৰ দৃশ্য। ইতিমধ্যে ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷
/asomiyapratidin/media/post_attachments/0eb16c4b-5db.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us