/asomiyapratidin/media/media_files/2025/12/19/1-2025-12-19-18-19-23.jpg)
ডিজিটেল ডেস্কঃ হাজো আৰু ৰঙিয়া সমষ্টিক সংযোগ কৰা এটা বিধ্বস্ত পথে উদঙাইছে লোক নিৰ্মাণ বিভাগৰ ব্যৰ্থতা। Bright Engineers নামৰ নিৰ্মাণকাৰী প্ৰতিস্থানে নিৰ্মাণৰ দায়িত্ব লাভ কৰাৰ ১৮ মাহ পাছতো কাম নকৰিলে পথটোত। যাৰ ফলত চৰম দুৰ্ভোগ ভুগিছে পথটোৰে যাতায়ত কৰা হাজাৰ হাজাৰ বাহনে।
/asomiyapratidin/media/post_attachments/f1fcebc8-b43.png)
হাজোৰ সাতদলা চকৰপৰা বাগটা শিমলুতল চকলৈ প্ৰায় ৫ কিঃমিঃ দৈৰ্ঘৰ পথটোৰ দূৰৱস্থা আৰু ৰাইজৰ যাতায়তৰ দূৰ্দশাত অতিষ্ঠ সকলো। দৈনিক পথটোত সংঘটিত হয় দুৰ্ঘটনা। ইমানৰ পাছতো কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। বিভাগীয় নীতি-নিয়ম মতে নহয় নিৰ্মাণকাৰী প্ৰতিস্থানৰ ইচ্ছামতেহে হ'ব পথ নিৰ্মাণৰ কাম।
/asomiyapratidin/media/post_attachments/abe5a973-aaf.png)
দুই বিধায়ক ভৱেশ কলিতা আৰু সুমন হৰিপ্ৰিয়াই পথটোৰ দূৰৱস্থাৰ ক্ষেত্ৰত কিবা গুৰুত্ব দিবনে?তাক লৈ আহি পৰিছে প্ৰশ্ন। ইপিনে পথ নিৰ্মাণৰ ঠিকা লাভ কৰিও বিগত ১৮ মাহে পথটোৰ নিৰ্মাণৰ কাম নকৰা ব্ৰাইট ইঞ্জিনিয়াৰৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ সাহস হ'বনে লোক নিৰ্মাণ বিভাগৰ?পৰৱৰ্তী সময়তহে হ'ব লক্ষণীয় ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us