/asomiyapratidin/media/media_files/2026/01/01/1-2026-01-01-15-20-54.jpg)
ডিজিটেল ডেস্কঃ আজি বছৰৰ প্ৰথমটো দিন। এই প্ৰথমটো দিনতে আহিছে এক ভাল খবৰ। উদ্যোগ ক্ষেত্ৰত দুই ভাতৃৰ জয় যাত্ৰা।কামৰূপৰ বৰবাৰী সত্ৰৰ দুই ভাতৃ দিগন্ত,অলকেশ দহ জনৰ বাবে আদৰ্শৰ প্ৰতীক।
/asomiyapratidin/media/post_attachments/c7ea5280-3f2.png)
প্ৰথমে হাতেৰে আৰম্ভ কৰিছিল ফেঞ্চিং উদ্যোগৰ কাম দুই ভাতৃয়ে। সৰু কোঠা এটা দুই ভাতৃ দিগন্ত গোস্বামী আৰু অলকেশ গোস্বামীয়ে ফেঞ্চিং বেৰৰ উদ্যোগ আৰম্ভ কৰি দাখল কৰিছে সংগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বজাৰ।এপদ এপদ কৰি দুই ভাতৃয়ে বেংকৰ পৰা লোৱা ঋণ লৈ আজিৰ তাৰিখত চাৰিটা কৈ উন্নত মানৰ ফেঞ্চিং উদ্যোগ স্থাপন কৰি নিজে স্বাৱলম্বী হোৱাৰ সমান্তালভাৱে অৰ্ধ শতাধিক অসমীয়া যুৱকক সংস্থাপন দিছে দুই ভাতৃয়ে।
/asomiyapratidin/media/post_attachments/cc8c3732-ae7.png)
গৰাখহনীয়া,ভূমিস্খলন,পথ নিৰ্মাণ,ফাৰ্ম আদিত আজিৰ তাৰিখত বাৰুকৈ চাহিদা বৃদ্ধি পোৱা এই ফেঞ্চিং বেৰৰ উৎপাদন ক্ষমতা সংগ্র উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত দুই ভাতৃয়ে প্ৰস্তুত কৰি তুলিছে। প্ৰবাল ষ্টীল নামকৰণ কৰি এই দুই অসমীয়া উদ্যোগীয়ে আজিৰ তাৰিখত তেওঁলোকৰ উৎপাদিত সামগ্ৰী সমগ্ৰ উত্তৰপূৰ্বাঞ্চলৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে।পথাৰ আমাৰ বজাৰ আমাৰ শ্ল'গ্নৰেৰে দুই ভাতৃৰ এই জয় যাত্ৰা অব্যাহত থাকক তাৰে কামনা কৰিছে সকলোৱে।
/asomiyapratidin/media/post_attachments/4d50987e-189.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us