হাজোৰ পুঠিমাৰীত বালি মাফিয়াৰ দৌৰাত্ম্য

হাজোত বালি মাফিয়াৰ সন্ত্ৰাস। দিনে নিশাই হাজোৰ মাজৰে বৈ যোৱা পুঠিমাৰী নৈ বুকু খান্দি তহিলং কৰিছে বলি মাফিয়াই।

author-image
Asomiya Pratidin
New Update
3

ডিজিটেল ডেস্কঃ হাজোত বালি মাফিয়াৰ সন্ত্ৰাস। দিনে নিশাই হাজোৰ মাজৰে বৈ যোৱা পুঠিমাৰী নৈ বুকু খান্দি তহিলং কৰিছে বলি মাফিয়াই। 
হাজো বন বিভাগৰ সম্পূৰ্ণ আশীৰ্বাদত জেচিবি ডাম্পাৰৰ সহায়ত এনেদৰে নৈৰ বুকুত চলাই গৈছে অবৈধ খনন। সম্পূৰ্ণ অবৈধ ভাবে হাজোৰ পুঠিমাৰী নৈৰ বুকুত প্ৰতিদিনে চলাই গৈছে অবৈধ খননকাৰ্য।

হাজো বন বিভাগক মেনেজ কৰি এই বালি মাফিয়াই নিশা হ'লেই ডাম্পাৰৰ সহায়ত  প্ৰতিদিনে চলাই গৈছে অবৈধ খনন। এই অবৈধ খননৰ ফলত হাজোত এতিয়া জনজীৱন বাৰুকৈ বিধস্ত হৈ পৰিছে। সৰ্বসাধাৰণ ৰাইজ ওলাই আহিছে হাজোৰ ৰাজপথলৈ। ক্ষোভ উজাৰিছে হাজোৰ বন বিভাগৰ বিৰুদ্ধে। লগতে অবৈধ খনন বন্ধ কৰাৰ দাবী জনাইছে সৰ্বসাধাৰণ ৰাইজে।

হাজো