/asomiyapratidin/media/media_files/2026/01/31/kulhatihajo-2026-01-31-16-03-37.jpg)
ডিজিটেল সংবাদ, হাজো: কুলহাটী ৰাইজ গয়ৰহৰ উদ্যোগত শ্ৰীশ্ৰী বাসুদেৱ দেৱালয়ৰ মাঁঘী পূৰ্ণিমা সভা গন্ধ উৎসৱৰ লগত সংগতি ৰাখি উলিওৱা বাসুদেৱ ৰথ যাত্রাত আয়তী সকলৰ সৈতে অংশ লয় বিধায়িকা সুমন হৰিপ্ৰিয়াই।
প্ৰায় ৫০০ বছৰীয়া এই সভা গন্ধৰ বন্তি প্ৰজ্বলন কৰি শুভ উদ্ধোধন কৰে বিধায়িকাগৰাকীয়ে। শনিবাৰৰ এই ৰথ যাত্ৰাত আয়তীসকলৰ লগত নাম পৰিৱেশনৰে অংশগ্ৰহণ কৰি অভিভূত হৈ পৰে বিধায়িকা সুমন হৰিপ্ৰিয়া। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা সভা গন্ধ উৎসৱৰ ৰথযাত্ৰা সামৰণি পৰিব নিশাৰ ভাগত।
দেওবাৰে অনুষ্ঠিত হ'ব ৰাজহুৱা হোম যজ্ঞ। ইফালে, সামাজিক মাধ্যমত বিধায়িকাগৰাকীৰ মাতৃ পদ্মশ্ৰী বিজয়া চক্ৰৱৰ্তী আৰু প্ৰধানমন্ত্ৰীৰ ফটো ভাইৰেল হোৱা সম্পৰ্কে বিধায়িকা গৰাকীয়ে এয়া এক সৌজন্যমূলক সাক্ষাৎকাৰ বুলি মন্তব্য কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us