জেচিবিত উঠি বিদ্যুৎতৰ তাঁৰ সংযোগ কৰিবলৈ গৈ অঘটন শ্ৰমিকৰ

গণপতি এণ্টাৰপ্ৰাইজ নামৰ প্ৰতিষ্ঠানটোৱে  চলাই আছিল বিদ্যুৎ তাঁৰ সংযোগৰ নিৰ্মাণ কাৰ্য । এনে ঘটনাৰ পিছত  উত্থাপন হৈছে বহু প্ৰশ্ন ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-24 at 5.39.45 PM

ডিজিটেল সংবাদ, হাজোঃ অন কেমেৰা সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনা। বাগৰি পৰিল এখন জেচিবি। হাজোৰ বাগটাত নিৰ্মীয়মান অৱস্থাত থকা কেন্দ্ৰীয় কাৰাগাৰত অঘটন সংঘটিত।

WhatsApp Image 2025-11-24 at 5.36.33 PM

ঘটনাৰ বিৱৰণি মতে, জেচিবিত উঠি বিদ্যুৎতৰ  তাঁৰ সংযোগ কৰিবলৈ গৈ অন কেমেৰা এজন শ্ৰমিকৰ সৈতে অঘটন সংঘটিত হয় । ইপিনে  ঠিকাদাৰ কৰ্তৃপক্ষৰ চৰম গাফিলতিৰ বাবে এনে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা পৰিলক্ষিত হৈছে। 

WhatsApp Image 2025-11-24 at 5.36.33 PM

উল্লেখ্য যে দুৰ্ঘটনাত কোনো শ্ৰমিক আঘাতপ্ৰাপ্ত হোৱা নাই যদিও কথামাপি প্ৰাণ ৰক্ষা পৰে তিনি শ্ৰমিকৰ। গণপতি এণ্টাৰপ্ৰাইজ নামৰ প্ৰতিষ্ঠানটোৱে  চলাই আছিল  বিদ্যুৎতৰ তাঁৰ সংযোগৰ নিৰ্মাণ কাৰ্য। এনে ঘটনাৰ পিছত  উত্থাপন হৈছে বহু প্ৰশ্ন । 

WhatsApp Image 2025-11-24 at 5.36.07 PM

আনফালে এই গণপতি এণ্টাৰপ্ৰাইজ নামৰ প্ৰতিষ্ঠানটোত কৰ্মৰত শ্ৰমিকৰ প্ৰতি চৰম দায়িত্বহীনতাৰ প্ৰসংগ উত্থাপন হৈছে। কাৰ গাফিলতিৰ বাবে এনেধৰণ ঘটনা সংঘটিত হৈছে তাক লৈ আহি পৰিছে প্ৰশ্ন । 

হাজো