/asomiyapratidin/media/media_files/2026/01/20/1-2026-01-20-11-47-55.jpg)
ডিজিটেল সংবাদ, হাজোঃ হাজোৰ বামুন্দীত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। হাজোৰ এক পুৰণি পৰম্পৰাগত আৰু ঐতিহাসিক উৎসৱ সভা গন্ধ উৎসৱ। প্ৰতিবছৰে মাঘ মাহৰ ৫ আৰু ৬ তাৰিখে অনুষ্ঠিত হৈ অহা এই উৎসৱ হাজোৰ বামুন্দী ৰাইজৰ এক গৌৰৱময় পৰম্পৰা। অতিথি সন্মান, সামাজিক ঐক্য আৰু ভ্ৰাতৃত্ববোধৰ এক জীৱন্ত নিদৰ্শন এই সভা গন্ধ উৎসৱৰ।
এই পৰম্পৰা অনুসৰি উৎসৱৰ দিনা পুৱা বিলত সকলোৱে মিলি মাছ ধৰে, লাওঁ,খৰি,মচলা,চাউল,দাইল আদি সামগ্ৰী সংগ্ৰহ কৰি গাঁওখনৰ সকলোৱে মিলি অতিথিৰ বাবে নিশা সিধা দিয়াৰ প্ৰস্তুতি আৰম্ভ কৰে। ১৮৫৪ চনৰ পৰা অবিৰতভাৱে অনুষ্ঠিত হৈ অহা এই সভা গন্ধ উৎসৱে এইবেলি ১৭২ বছৰ সম্পূৰ্ণ কৰিলে।
/asomiyapratidin/media/post_attachments/f40c4832-a4c.png)
এই দীঘলীয়া যাত্ৰা প্ৰমাণ কৰে এই উৎসৱৰ ঐতিহাসিক গুৰুত্ব আৰু সমাজত ইয়াৰ গভীৰ শিপা। অসমৰ বিভিন্ন প্ৰান্তৰ লোকক নিমন্ত্ৰণ জনাই অতিথি হিচাপে আদৰণি জনোৱা হয়। অতিথি সকলৰ ভোজনৰ বাবে প্ৰতিগৰাকী লোকক চাউল, দালি, তেল-মচলা, নিমখ, লাউ, মাছ, খৰি আদি সকলো প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/3993ecfc-a96.png)
বামুন্দী ৰাইজে যুগে যুগে সংৰক্ষণ কৰি অহা এই পৰম্পৰাগত সভা গোন্ধ উৎসৱ আৰু সিধা দিয়াৰ পৰ্ব আজিও একেই শ্ৰদ্ধা,আন্তৰিকতা আৰু ঐক্যৰে পালন কৰি আহিছে। সভা গন্ধ উৎসৱত সিধা ল'বলৈ অসমৰে ভিন্ন প্ৰান্তৰ পৰা অহা লোকৰ সমাগমে বামুন্দীক পৰিণত কৰিছে এক বৃহৎ মিলনক্ষেত্ৰলৈ। এই উৎসৱ কেৱল এক অনুষ্ঠানেই নহয়, ই হৈছে অসমীয়া সমাজৰ আতিথ্য, ঐক্য আৰু পৰম্পৰাৰ এক উজ্জ্বল প্ৰতিচ্ছবি।
/asomiyapratidin/media/post_attachments/32b3c904-f4c.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us