/asomiyapratidin/media/media_files/2026/01/23/gyhjhghjku-2026-01-23-20-18-58.jpg)
ডিজিটেল সংবাদ, হাজোঃ সৰস্বতী পূজাৰ দিনাই হাজোৰ ভৈল্যবৰি গাঁৱত এক জঘন্য ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। গাঁওখনৰ এগৰাকী অতি দৰিদ্ৰ পৰিয়ালৰ মুক-বধিৰ কিশোৰীক ঘৰৰ ভিতৰত অপদস্থ কৰাৰ চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে দেৱজিৎ মহন্ত নামৰ এগৰাকী লোকৰ বিৰুদ্ধে।
অভিযোগ অনুসৰি, অভিযুক্ত দেৱজিৎ মহন্তই কিশোৰীগৰাকীৰ ঘৰত প্ৰৱেশ কৰি ঘৰৰ ভিতৰত থকা বিচনাত শাৰীৰিকভাৱে অপদস্থ কৰাৰ চেষ্টা চলাইছিল। এই ঘটনাৰ পাছত কিশোৰীগৰাকীৰ মাতৃয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত গুৰুতৰ অভিযোগ উত্থাপন কৰে।
উপায়ন্তৰ হৈ কিশোৰীগৰাকীৰ মাতৃয়ে বিষয়টো স্থানীয় মহিলা সমিতিক অৱগত কৰে। মহিলা সমিতিয়ে ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয় আৰু দোষীৰ বিৰুদ্ধে উচিত আৰু দৃষ্টান্তমূলক শাস্তিৰ দাবী তোলে।
ইফালে, কিশোৰীগৰাকীৰ পৰিয়ালে এতিয়ালৈকে আৰক্ষীৰ কাষ চাপিব পৰা নাই। তথাপিও স্থানীয় ৰাইজে অভিযুক্ত দেৱজিৎ মহন্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে। এই ঘটনাই পুনৰবাৰ সমাজত মহিলা আৰু বিশেষভাৱে সক্ষম শিশু-কিশোৰীৰ সুৰক্ষাৰ প্ৰশ্নটো জোৰদাৰভাৱে উত্থাপন কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us