পুনৰ হাজোত অনুষ্ঠিত হ'ব ঐতিহাসিক বুলবুলি চৰাইৰ যুঁজ

ৰজা প্ৰমত্ত সিংহৰ দিনৰ পৰা হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বাকৰিত চলি অহা বুলবুলি চৰাইৰ খেলক লৈ বৰ্তমান এক উৎসৱমুখৰ পৰিৱেশ তীৰ্থনগৰী হাজোত।

author-image
Asomiya Pratidin
New Update
new ap web  6 (2)

ডিজিটেল ডেস্কঃ পুনৰ অনুষ্ঠিত হ'ব হাজোত ঐতিহাসিক বুলবুলি চৰাইৰ খেল।ৰজা প্ৰমত্ত সিংহৰ দিনৰ পৰা হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বাকৰিত চলি অহা বুলবুলি চৰাইৰ খেলক লৈ বৰ্তমান এক উৎসৱমুখৰ পৰিৱেশ তীৰ্থনগৰী হাজোত। প্ৰকৃতিপ্ৰেমী সংগঠনে ২০১৪ চনত উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰাৰ পাচত বিগত ৯ বছৰ ধৰি বন্ধ হৈ আছিল হাজোবাসীৰ আবেগ জড়িত হৈ থকা বুলবুলি চৰাইৰ খেল। 

২০২৪ বৰ্ষত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত SOP মৰ্মে পুনৰবাৰ অনুষ্ঠিত কৰা হয় এই খেল। এই ৰোমাঞ্চকৰ খেল উপভোগ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শেহতীয়াকৈ অসম চৰকাৰে সদনত লোৱা সিদ্ধান্ত মৰ্মে ২০২৬ বৰ্ষত পুনৰ আঁহতগুৰিত অনুষ্ঠিত কৰিব পাৰিব মহ যুঁজ। তাৰ মাজতে বুলবুলি চৰাইৰ খেলক লৈও এতিয়া আশাবাদী হৈ পৰিছে হাজোবাসী। 

যাৰ বাবে এতিয়া, পৰম্পৰাগত ভাবে চলি অহা বুলবুলি চৰাইৰ খেলৰ ক্ষেত্ৰতো বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাতৰ অনুৰোধ জনাইছে হাজোবাসীয়ে।এইবেলি চৰকাৰী SOP মানি বুলবুলি চৰাইৰ খেল অনষ্ঠিত কৰিবলৈ সম্পুৰ্ণ প্ৰস্তুতি চলাইছে হাজোবাসীয়ে।মাঘৰ সংক্ৰান্তিত বুলবুলি চৰাইৰ খেল অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে গঠন কৰিছে খেল পৰিচালনা সমিতি।

হাজো