/asomiyapratidin/media/media_files/2025/11/22/ap-web-1-6-2025-11-22-12-04-50.jpg)
ডিজিটেল সংবাদ,হাজোঃ টিউচনলৈ যোৱাৰ সময়তে সংঘটিত হয় এক কৰুণ ঘটনা। হাজোৰ শনিয়াদীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত মৃত্যুমুখত পৰিল এগৰাকী স্কুলীয়া ছাত্ৰী।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/22/whatsapp-image-2025-11-22-12-03-42.jpeg)
উল্লেখ্য যে, এখন তীব্ৰবেগী বলেৰ' বাহনে মহতিয়ালে তিনিগৰাকীকৈ পথচাৰী ছাত্ৰীক। টিউচনলৈ গৈ থকাৰ সময়তে পিছফালৰ পৰা বলেৰ' বাহনখনে মহতিয়াই নিয়ে ছাত্ৰীকেইগৰাকীক।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/22/image-9-2025-11-22-12-04-00.png)
প্ৰাণিধানযোগ্য যে দুৰ্ঘটনাত এগৰাকী নিহত হোৱাৰ লগতে আন দুগৰাকীক সংকটজনক অৱস্থাত GMCH লৈ প্ৰেৰণ কৰা হয় । থিতাতে নিহত হোৱা ছাত্ৰীগৰাকী জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/22/whatsapp-2025-11-22-12-04-36.jpeg)
আনফালে উত্তেজিত ৰাইজে জ্বলাই দিলে দুৰ্ঘটনা সংঘটিত কৰা বলেৰ' বাহনখন। তাৰ পাছতে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। ইপিনে ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হা পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে।
তাৰোপৰি ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ বাহনো উপস্থিত হৈ নিৰ্বাপন কৰে জুই ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us