/asomiyapratidin/media/media_files/2025/03/22/vGi9WkduPYY0owEoQDvx.jpg)
ডিজিটেল ডেস্কঃ বিশিষ্ট চিন্তাবিদ, সাংবাদিক তথা অসমৰ সমাজ জীৱনৰ এগৰাকী সমন্বয়ৰ সাধক হাইদৰ হুছেইনক শনিবাৰে তেখেতৰ বাসগৃহত প্ৰদান কৰা হয় জাতীয় সম্প্ৰীতি বটাঁ। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই বটাঁটি তেখেতৰ বাসগৃহত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰে।
উক্ত অনুষ্ঠানটিত ৰাজ্যৰ ভিন্ন ক্ষেত্ৰৰ ভালে সংখ্যক গণ্যমাণ্য ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসমীয়া প্ৰতিদিনৰ সম্পাদক তথা সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱা। অনুষ্ঠানটিত তেওঁ প্ৰদান কৰা ভাষণৰ প্ৰসংগত অসমীয়া প্ৰতিদিন তথা সাদিন-প্ৰতিদিন গোষ্ঠীৰ সংকটকালত হাইদৰ হুছেইনৰ সহযোগিতাৰ কথা আন্তৰিকাৰে সোৱঁৰণ কৰে। অসমৰ সমাজ-ৰাজনৈতিক সকলো প্ৰেক্ষাপট নৰ্খদৰ্পনত ৰখা হাইদৰ হুছেইনে অসমৰ সাংবাদিকতাক এক নতুন দিশ প্ৰদান কৰাৰ কথাও কয় বৰুৱাই।
/asomiyapratidin/media/media_files/2025/03/22/mlhdnHa4xZstVvGfWXzd.jpg)
উক্ত অনুষ্ঠানটিত চিন্তাবিদ ময়ূৰ বৰা, অসমীয়া প্ৰতিদিনৰ ধৈৰ্য হাজৰিকা, অচ্যুত পাটোৱাৰীকে ধৰি দৈনিক জনমভূমি কাকতৰ সঞ্জীৱ ফুকন, অসম বাণীৰ সম্পাদক দিলীপ চন্দন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনৈতিক বিজ্ঞান বিভাগৰ মুৰব্বী অখিল ৰঞ্জন দত্ত, জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ, বিধায়ক অখিল গগৈকে ধৰি বহুকেইগৰাকী ব্যক্তিয়ে নিজৰ বক্তব্য দাঙি ধৰে।
/asomiyapratidin/media/media_files/2025/03/22/zlskW0xHNjl4zUefoj6a.jpg)
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিদ্যুত শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত অসমীয় প্ৰতিদিনৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকাই হাইদৰ হুছেইনৰ সৈতে কটোৱা সাংবাদিকতা জীৱনৰ কিছু মূৰ্হুতৰ কথা সোঁৱৰণ কৰে। ভাষণৰ প্ৰসংগত তেওঁ কয় যে, এদিন স্বত্বাধিকাৰী জয়ন্ত বৰুৱাৰ নিৰ্দেশত অসমীয়া প্ৰতিদিনৰ সম্পাদক হোৱাৰ প্ৰস্তাৱ লৈ হাইদৰ হুছেইন দাৰ ঘৰলৈ মই আহিছিলো। তাৰ পিছতে অসমীয়া প্ৰতিদিনক নেতৃত্ব দিছিল তেওঁ। তেওঁৰ নেতৃত্বত অসমৰ প্ৰতিটো সমস্যা আৰু ঘটনাৰাজিৰ পুংখানুপুংখ বিৱৰণ প্ৰকাশ পাইছিল অসমীয়া প্ৰতিদিনত।
/asomiyapratidin/media/media_files/2025/03/22/QCIfvcPJw2AYWs1HgC3c.jpg)
অনুষ্ঠানটোত বক্তব্য ৰাখি জ্যেষ্ঠ অধিবক্তা শান্তুনু বৰঠাকুৰে হাইদৰ হুছেইনৰ জীৱনক লৈ এখন আত্মজীৱনী উলিওৱাৰ পোষকতা কৰে। পৰিয়াল তথা তেওঁৰ শুভাকাংক্ষীসকলক এই দিশত গুৰুত্ব দিবলৈ আহ্বান জনায় বৰঠাকুৰে। অনুষ্ঠানটিত সঞ্জীৱ ফুকন আৰু অচ্যুত পাটোৱাৰীয়ে কৰ্মজীৱনত সহকৰ্মী হিচাপে হাইদৰ হুছেইনৰ সান্নিধ্যৰ কথা দোহাৰে।
/asomiyapratidin/media/media_files/2025/03/22/lmeNstFT3ikWYsJls4Xz.jpg)
অসম বাৰ্তাৰ সম্পাদক দিলীপ চন্দনে অনুষ্ঠানটোত বক্তব্য ৰাখি কয়, যে হাইদৰ হুচেইন হৈছে অসম ৰাজনৈতিক, সামাজিক ইতিহাসৰ এখন জীৱন্ত সমল। তেখেতে সকলো ঘটনাৰে সাৱলীল বৰ্ণনা দিব পাৰে। তেখেতেৰ এই গুণ সচাঁকৈয়ে বিৰল। অসম বাৰ্তাৰ সম্পাদকগৰাকীয়েও হাইদৰ হুছেইনৰ এখন আত্মজীৱনী প্ৰকাশ কৰাৰ কথা উল্লেখ কৰে।
/asomiyapratidin/media/media_files/2025/03/22/WH4VXIA4WICGJlYwgmbh.jpg)
অনুষ্ঠানটিত 'জাতীয় সম্প্ৰীতি বটাঁ' প্ৰদান কৰাৰ পাছতে হাইদৰ হুছেইনে বক্তব্য ৰাখে আৰু ব্যস্ততাৰ মাজত সকলো আহি উপস্থিত হোৱাৰ বাবে গভীৰ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে, আজিৰ দিনত প্ৰতিটো দিনতেই যিকোনো বটাঁ প্ৰদান কৰা হয়। কিন্তু এই মানুহখিনিৰ মাজত মই এই বটাঁ গ্ৰহণ কৰিবলৈ পাই সন্তোষ্টি বোধ কৰিছো।
হুছেইনে লগতে কয়, দল-সংগঠনসমূহে কেৱল বটাঁ-সন্মান দিয়াৰ উপৰিও অসমীয়া ভাষা-সংস্কৃতি আৰু জাতিৰ সুৰক্ষাৰ বাবে কাম কৰক। তেতিয়াহে আমাৰ দৰে মানুহে শান্তিত উশাহ লব পাৰে। আমাৰ বাবেই ইয়াতকৈ ডাঙৰ বটাঁ একো নাই। তেওঁ লগতে কয় যে, অসমীয়া প্ৰতিদিনে পূৰ্বৰে পৰাই অসমৰ সমাজ জীৱনত যি প্ৰভাৱ বিস্তাৰ কৰিছে, এতিয়াও জয়ন্ত বৰুৱাৰ নেতৃত্বত তাৰ পৰা তিলমানো বিচলিত হোৱা নাই। মই আশা কৰিম যে, জয়ন্ত বৰুৱাৰ নেতৃত্বত অসমীয়া প্ৰতিদিনে আৰু অধিক প্ৰাণ পাই উঠক। শেহতীয়াকৈ অসমীয়া প্ৰতিদিনৰ স্থিতি আৰু সম্পাদক জয়ন্ত বৰুৱাৰ ভূমিকাকো উচ্চ প্ৰশংসা কৰে তেওঁ।
/asomiyapratidin/media/media_files/2025/03/22/YETHGn2VMNT4gMjJfgqT.jpg)
অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি অখিল গগৈয়ে অসমীয়া সমাজ জীৱনলৈ হাইদৰ হুছেইনৰ বৰঙণিৰ কথা দোহাঁৰে। তেওঁ কয় যে, অসমৰ সাংবাদিকতা আৰু সমাজ জীৱনত তেওঁৰ অৱদান অপৰিসীম। ৰাষ্ট্ৰযন্ত্ৰৰ শোষণকামী নীতিৰ বিৰুদ্ধে মাত মতা মানুহ বিলাকৰ নেতৃত্বতেই আছে তেওঁ। গতিকে তেওঁৰ পৰা আমি সদায়েই উৎসাহিত হওঁ।
ভৰলুৰ শান্তি নগৰৰ হাইদৰ হুছেইনৰ নিজা বাসগৃহত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটিত ভালে সংখ্যক লোক উপস্থিত থাকে।
/asomiyapratidin/media/media_files/2025/03/22/nIvDb3h0xBDUpUmgJ93s.jpg)