/asomiyapratidin/media/media_files/2026/03/04/3-2026-03-04-11-43-35.jpg)
ডিজিটেল ডেস্কঃ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচি চৰকাৰৰ সম্প্ৰসাৰণ। হাগ্ৰামা মহিলাৰীৰ অনুমোদন মৰ্মে ৰাজ্যপালে সম্প্ৰসাৰণ কৰিলে বিটিচিৰ কাৰ্যবাহী সদস্যৰ সংখ্যা। বিটিচিৰ তিনি পাৰিষদক কাৰ্যবাহী সদস্য হিচাপে নিযুক্তি প্ৰদান কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/04/whatsapp-image-20-2026-03-04-11-40-03.jpeg)
বিটিচিৰ ৩০ নং গোৰেশ্বৰ সমষ্টিৰ বিপিএফৰ পাৰিষদ মহেশ্বৰ বসুমতাৰী, ২৭ নং নাগ্ৰীজুলী সমষ্টিৰ বিজেপিৰ পাৰিষদ লক্ষ্মী দাস আৰু মনোনিত পাৰিষদ কৰ্মেশ্বৰ ৰায়ক কাৰ্যবাহী সদস্য হিচাপে নিযুক্তি দিলে মহিলাৰীয়ে ৰাজ্যপালৰ কাৰ্যালয়ে। বৰ্তমান হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচি চৰকাৰত ১৪ গৰাকী কাৰ্যবাহী সদস্য আছিল যদিও পুনৰাই তিনিগৰাকীক নিযুক্তি দিয়াত কাৰ্যবাহী সদস্যৰ সংখ্যা ১৭ গৰাকীলৈ বৃদ্ধি পায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us