বি টি চিত আমি এক নম্বৰত আছো, দুই নম্বৰত আছে বিজেপিঃ বি পি এফ প্ৰধান হাগ্ৰামাৰ দাবী...

এইবেলি বিটিচি নিৰ্বাচনত বিজয়ী হৈ চৰকাৰ গঠন কৰাৰ পিছতেই চন্দন ব্ৰহ্মক বড়ো হাৰিমু আফাদ অৰ্থ্যাৎ বড়ো সাংস্কৃতিক সন্থাৰ সভাপতি বনাই দিম। কাৰণ আজিকালি সি সুন্দৰ গান বাজনা কৰি থাকে এইটোৱে

author-image
Asomiya Pratidin
New Update
fffff

ডিজিটেল সংবাদ,  চিৰাংঃ  এইবেলি বিটিচি নিৰ্বাচনত বিজয়ী হৈ চৰকাৰ গঠন কৰাৰ পিছতেই চন্দন ব্ৰহ্মক বড়ো হাৰিমু আফাদ অৰ্থ্যাৎ বড়ো সাংস্কৃতিক সন্থাৰ সভাপতি বনাই দিম। কাৰণ আজিকালি সি সুন্দৰ গান বাজনা কৰি থাকে এইটোৱে তাৰ বাবে ভাল কাম হব। কালিৰ দিনটোত বিজনীত প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই কৈছিল হাগ্ৰামা মহিলাৰী আজিৰ দিনত অপ্ৰাসংগিক বুলি কৰা মন্তব্যৰ প্ৰতুত্ত্যৰত আজিৰ দিনটোত এইদৰে একালৰ সতীৰ্থ তথা বৰ্তমান ইউপিপিএল দলৰ নেতা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মক উদ্দেশ্য কৰি কটাক্ষ কৰে বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে।

আজি বিপিএফ দলৰ এক যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ সৈতে মুখামুখি হৈ হাগ্ৰামা মহিলাৰীয়ে তেখেতৰ স্বভাৱসুলভ ভঙ্গিমাৰে বিটিচি নিৰ্বাচন কেন্দ্ৰীক বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে। আজিৰ দিনটোত ইউপিপিএল আৰু বিপিএফ দলৰ মিত্ৰতা সন্দৰ্ভত পুনৰ এবছুৰ সভাপতি  দ্বীপেন বড়োই মিত্ৰতা নহোৱাৰ বাবে একমাত্ৰ হাগ্ৰামা মহিলাৰীয়ে দায়ী বুলি দোষাৰোপ কৰা মন্তব্যৰ প্ৰতুত্ত্যৰত হাগ্ৰামা মহিলাৰীয়ে কয় যে দ্বীপেন বড়োই পুৰনাটো কথাটো আৰু উঠাই দিছে, অলপ থাকক অহা কালি পৰা উত্তৰত দিম মই আজি একো নকও বুলি সদৰি কৰে ।

ইপিনে ১৪ নং চিৰাং দুৱাৰ সমষ্টিৰ মনোনয়ন পত্ৰ খাৰিজ হোৱা নিৰ্দলীয় প্ৰাৰ্থী ড৹ ছাংগ্ৰাং ব্ৰহ্ম সন্দৰ্ভত প্ৰশ্ন কৰাত হাগ্ৰামা মহিলাৰীয়ে কয় যে ডঃ ছাংগ্ৰাং ব্ৰহ্ম সৈতে তেঁওৰ পোনপটীয়া যোগাযোগ হোৱা নাই যদিও মোৰ দলৰ নেতাৰ সৈতে তেখেত কথা পাতিছে বুলি জানিব পাৰিছো আৰু তেখেত যদি ১৪ নং চিৰাং দুৱাৰ সমষ্টিত বিপিএফ দলক সহায় কৰে তেনেহলে আমি তেখেতক আঁদৰণি জনাইছো ।

চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিত এনেই মই পাঁচ হেজাৰ ভোটত আগবাঢ়ি আছো  আৰু ড৹ ছাংগ্ৰাং ব্ৰহ্মই যদি সহায় কৰে তেনেহলে ১০ -১৫ হেজাৰ ভোটত খাম্ফা বৰগয়াৰী পৰাজিত হব । মুঠতে এইবেলি ১৪ নং চিৰাং দুৱাৰ আৰু দেবৰগাঁও সমষ্টিত খাম্পা বৰগয়াৰী বৰ বেয়াকৈ হাৰিবলৈ গৈ আছে। এইবেলি বিটিচি নিৰ্বাচনত হাগ্ৰামা মহিলাৰী ছিঙ্গেল ইঞ্জিনৰ হেলিকপ্তাৰ উৰুৱাইছে তাৰ বিপৰীতে প্ৰমোদ বড়োই ডাবল ইঞ্জিনৰ হেলিকপ্তাৰ উৰাই নিৰ্বাচনী প্ৰচাৰ চলাই আছে এই সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে কয় যে প্ৰমোদ বড়ো পইচাৰ মালিক সিটো উৰিবই পাৰিব।

আমাৰ হৈ পইছা নাই, আজি উৰিলে অহা কাইলৈ উৰিব নোৱাৰা অৱস্থা হৈ আছে। হেলিকপ্তাৰ কেতিয়াবাই আহিছে কিন্তু হেলিকপ্তাৰ দুই/ তিনিদিন হে উৰিব পাৰিছো । আজিও উৰিব পৰা নাই কাৰন তেলৰ পইছা নাই মন্তব্য কৰে। আজি অধিক উৎসাহিত হৈ এই বেলি বিটিচি নিৰ্বাচনত বিশ টাতকৈ অধিক আসন লাভ কৰি চৰকাৰ গঠন কৰিব। কংগ্ৰেছ দলে প্ৰাৰ্থী দিলেও বিপিএফ দলৰ কোনো ক্ষতি নহয় বুলি মন্তব্য কৰে।আজি চিৰাং জিলাৰ ছামথাইবাৰী স্থিত বাথৌ খেৰাই ৰিজৰ্টত বিপিএফৰ এক দলীয় যোগদান কাৰ্যসূচী আছিলে ।

পৰবৰ্তী সময়ত এই যোগদান কাৰ্য্যসূচী হাগ্ৰামা মহিলাৰীৰ মালিকানাধীন কোকৰাঝাৰ চহৰৰ সমীপৰ ক্ৰেচাৰ ফেক্টৰীত স্থানান্তৰিত কৰে । উক্ত যোগদান কাৰ্য্যসূচীত ওদালগুৰি জিলাৰ কংগ্ৰেছৰ দহ গৰাকী জিলা পৰ্যায়ৰ নেতা , এ আই ইউ ডি এফ দলৰ পাঁচ গৰাকী জিলা পৰ্য্যায়ৰ সভাপতি/সম্পাদক,  সমাজবাদী পাৰ্টীৰ ৫ গৰাকী আৰু অন্যান্য ৰাজনৈতিক বিভিন্ন দলৰ পৰা শতাধিক নেতা কৰ্মীয়ে আনুষ্ঠানিক ভাবে বিপিএফ দলত যোগদান কৰে। হাগ্ৰামা মহিলাৰীয়ে নিজেই নতুনকৈ যোগদান কৰা নেতা কৰ্মী সকলক আৰ'নাই আৰু দলীয় পতাকাৰে বিপিএফ দললৈ উষ্ম আদৰণি জনায়।

যোগদান পৰ্বৰ অন্ত  হাগ্ৰামা মহিলাৰী প্ৰৱল উৎসাহিত হৈ কয় যে এতিয়ালৈকে পাঁচখন জিলাৰ ৪০ সমষ্টিৰ পৰা পৰা যেনে ধৰনৰ খবৰ লাভ কৰি আছো আমাৰ বিপিএফ দল ২০ টাতকৈ অধিক আসনত বিজয়ী হৈ একক সংখ্যাগৰিষ্ঠ চৰকাৰ গঠন কৰিবলৈ গৈ আছে । মুঠৰ ওপৰত বিপিএফ দল এতিয়াও এক নম্বৰ স্থানত আছে, বিজেপি দুই নম্বৰ স্থান আৰু তিনি নম্বৰ স্থানত ইউপিপিএল নাইবা কংগ্ৰেছ দল থাকিব পাৰে।

যোৱা লোকসভা নিৰ্বাচনত একমাত্ৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ বাবেই বিপিএফ দল পৰাজিত হব লগা হৈছিল আৰু এইবেলি বিটিচিত নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা অধিকাংশ সমষ্টিতে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে তেনেক্ষেত্ৰত এইবেলিও কংগ্ৰেছ দলৰ বাবে বিপিএফ দল শলঠেকত পৰিব নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত কয় যে কংগ্ৰেছ দল এতিয়া পূৰ্বৰ অৱস্থাত আৰু নাই সেয়ে তেঁওলোকৰ পৰা কোনো আশংকা নাই বুলি দাবী কৰে ।

বি টি চি