/asomiyapratidin/media/media_files/2025/09/28/ujjjd-2025-09-28-10-22-16.jpg)
ডিজিটেল ডেস্কঃ বড়োভূমিত তেওঁ যে একস্ৰত্ৰী সম্ৰাট সেয়া পুনৰ প্ৰমাণ কৰিলে। বি টি চিত অভিলেখ সংখ্যক আসন দখল কৰি পুনৰ প্ৰত্যাৱৰ্তন কৰিলে হাগ্ৰামা মহিলাৰীয়ে। নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে কোৱা কথা অনুসৰিয়েই, ৩অক্টোবৰত ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক সন্মুখত লৈ শপত গ্ৰহণ কৰিব বি পি এফ নতুন চৰকাৰে।
কোকৰাঝাৰত অনুষ্ঠিত হ'ব শপত গ্ৰহণ অনুষ্ঠান। উল্লেখ কৰা প্ৰয়োজন যে, নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা বহুদিনৰ পূৰ্বেই হাগ্ৰামাই ঘোষণা কৰিছিল যে, ৩অক্টোবৰত এইবাৰ আমি চৰকাৰ গঠন কৰি শপত গ্ৰহণ কৰিম। হাগ্ৰামাৰ কোৱা এই কথা অনুসৰিয়েই অহা ৩অক্টোবৰত হ'ব শপত গ্ৰহণ অনুষ্ঠান।
কেৱল মুখৰ কথা বুলিয়েই নহয়, ব্যক্তিগতভাৱে হাগ্ৰামা খুবেই এগৰাকী জেদী আৰু আত্মবিশ্বাসী ব্যক্তি। যি কাম কৰিম বুলি কয় তাৰ ইপ্সিত ফলাফল লাভ নকৰালৈকে থমকি নৰয় হাগ্ৰামা। ২০২০চনত বি টি চিত শাসনভাৰ হেৰুওৱাৰ পাছত হাগ্ৰামাই একপ্ৰকাৰৰ নিজকে আত্মগোপন কৰিছিল। আত্মগোপন মানে সভা-সমিতি, টিভিত বৰকৈ দেখা পোৱা নগৈছিল নেতাগৰাকীক।
কিন্তু তলে তলে দলীয় সাংগাঠনিক ভেটি সুদৃঢ় কৰাত দিনে-ৰাতিয়ে কাম কৰি আছিল হাগ্ৰামাই। নিৰ্বাচনৰ কিছু দিনৰ পূৰ্বৰ পৰাহে হাগ্ৰামাই সংবাদমাধ্যমৰ সন্মুখলৈ আহিছিল। আহিয়েই প্ৰৱল আত্মবিশ্বাসেৰে দাবী কৰিছিল যে, এইবাৰ বিটিচিত বি পি এফ বাহিৰে গত্যন্তৰ নাই।
২০২০ৰ পৰাজয়ৰ পাছত হাগ্ৰামাই এটা দিনো বড়োভূমিৰ পাৰ লৰচৰ হোৱা নাছিল। অহা নাছিল গুৱাহাটীলৈ। আনকি বি টি চিৰ সচিবালয়তো প্ৰৱেশ কৰা নাছিল হাগ্ৰামাই। পৰাজয়ৰ পিছতে হাগ্ৰামাই যেন পণ লৈছিল যে, পুনৰ বিটিচি দখল কৰিহে তেওঁ সোমাব সচিবালয়ত। অৱশেষত হাগ্ৰামাৰ সেই পণ সফল হ'ল।
২০২০ৰ নিৰ্বাচনৰ তুলনাত ১১খন আসন বৃদ্ধিৰে অভিলেখ সংখ্যক ২৮টা পৰিষদীয় সমষ্টিত হাগ্ৰামাই উৰুৱালে বিজয় নিচান। তাৰ পিছতে তেওঁ ঘোষণা কৰিলে যে, এতিয়াহে তেওঁ গুৱাহাটীলৈ যাব আৰু লগ ধৰিব মুখ্যমন্ত্ৰীক।