/asomiyapratidin/media/media_files/2025/09/26/ujjjd-2025-09-26-12-04-52.jpg)
ডিজিটেল ডেস্কঃ দুপৰীয়া ১২বজালৈকে হোৱা ভোটগণনাত বি পি এফৰ হাগ্ৰামা মহিলাৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰা ১৪নং চিৰাং দুৱাৰ সমষ্টিত মাত্ৰ ১৪৩টা ভোটত আগবাঢ়ি আছে। ১২বজালৈকে হোৱা ভোট গণনাত বিপিএফে ২৯৭৩টা ভোট লাভ কৰাৰ বিপৰীতে ইউ পি পি এলৰ প্ৰাৰ্থীগৰাকীয়ে ২৮৩০টা ভোট লাভ কৰিছে।
আনফালে হাগ্ৰামাই প্ৰতিদ্বন্দ্বিতা কৰা আনটো সমষ্টি ১০নং গৈবাৰী সমষ্টি। এই সমষ্টিটোত হাগ্ৰামা মহিলাৰীয়ে ৬৫৯টা ভোটত অগ্ৰগতি লাভ কৰি আছে। সমষ্টিটোত ইউ পি পি এলৰ প্ৰাৰ্থীগৰাকীয়ে ২১২০টা ভোট লাভ কৰাৰ বিপৰীতে বি পি এফে লাভ কৰিছে ২৭৭৯টা ভোট।