/asomiyapratidin/media/media_files/2025/09/28/web-ap-cm-4-2025-09-28-13-16-13.jpg)
ডিজিটেল ডেস্কঃ বিটিচি নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠ লাভ কৰাৰ পাছত আজি কিছুসময় পূৰ্বে ৰাজভৱনলৈ আহিল হাগ্ৰামা মহিলাৰীসহ বিপিএফ নেতৃত্ব। ৰাজভৱনলৈ আহি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰিলে বিপিএফৰ দলটোৱে। ৰাজ্যপালক সাক্ষাৎ কৰি পাৰিষদ গঠনৰ আৰ্জি দাখিল কৰিলে হাগ্ৰামা মহিলাৰীয়ে। লগতে শপত গ্ৰহণ অনুষ্ঠানলৈও ৰাজ্যপালক আমন্ত্ৰণ জনালে বিপিএফৰ দলটোৱে।
ইফালে, বিটিচিৰ মুৰব্বী পদৰ পৰা পদত্যাগ কৰিলে প্ৰমোদ বড়োৱে। দেওবাৰে প্ৰমোদ বড়োৱে ৰাজ্যপালক পদত্যাগ পত্ৰ দাখিল কৰিলে পদত্যাগ পত্ৰ। পদত্যাগৰ পাছতে মন্ত্ৰী ইউ জি ব্ৰহ্মৰ বাসগৃহত বৈঠকত মিলিত হৈছে ইউপিপিএলৰ নেতৃবৰ্গ।
আনহাতে, ৩ অক্টোবৰত হাগ্ৰামা মহিলাৰীৰ চৰকাৰে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। সাংবাদিকৰ আগত হাগ্ৰামা মহিলাৰীয়ে উল্লেখ কৰে যে, "৩ তাৰিখে আমি শপত গ্ৰহণৰ দিন ধাৰ্য কৰিছোঁ। তাৰ বাবে আমি ৰাজ্যপালক নিমন্ত্ৰণ জনালোঁ। কিন্তু সেইদিনা তেওঁৰো জন্মদিন। ৰাজ্যপাল আহিলে আমি কোকৰাঝাৰতে তেওঁৰ জন্মদিন পালন কৰিম।"
লগতে প্ৰমোদ বড়ো সন্দৰ্ভত হাগ্ৰামাই কয়, "ইতিমধ্যেই প্ৰমোদ বড়োৱে আমাক সহায় কৰিম বুলি কৈছে, আমাৰ আপত্তি নাই। মুখ্যমন্ত্ৰীয়েও একেই কথাকেই কৈছে। কোনোবাই আগবাঢ়ি আহিলে আমি নাকচ কৰাৰ কথা নাথাকে। এই সন্দৰ্ভত আমি অহা দুই এদিনতে বৈঠক অনুষ্ঠিত কৰি সিদ্ধান্ত লম বুলিও উল্লেখ কৰে হাগ্ৰামাই।"
উল্লেখযোগ্য যে, আজি সন্ধিয়া ৬ বজাত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাব হাগ্ৰামাসহ বিপিএফৰ দলটোৱে। "মুখ্যমন্ত্ৰী অসমৰ Boss. তেখেতক নিমন্ত্ৰণ নজনালে কেনেকৈ হ'ব" বুলিও সাংবাদিকৰ আগত উল্লেখ কৰে হাগ্ৰামাই।