তুংগত উঠিছে হাগ্ৰামা মহিলাৰী আৰু খাম্ফা বৰগয়াৰীৰ মাজৰ বাকযুদ্ধ

বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে চিৰাং জিলাৰ ১৪ নং চিৰাং দুৱাৰ সমষ্টিত একালৰ দুই সংগ্ৰামী সতীৰ্থ বৰ্তমান বিপিএফ দলৰ প্ৰাৰ্থী হাগ্ৰামা মহিলাৰী আৰু ইউপিপিএল দলৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীৰ বাকযুদ্ধ তুংগত উঠা পৰিলক্ষিত হৈছে । 

author-image
Asomiya Pratidin
New Update
HAGEANA

ডিজিটেল সংবাদ, চিৰাংঃ বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে চিৰাং জিলাৰ ১৪ নং চিৰাং দুৱাৰ সমষ্টিত একালৰ দুই সংগ্ৰামী সতীৰ্থ বৰ্তমান বিপিএফ দলৰ প্ৰাৰ্থী হাগ্ৰামা মহিলাৰী আৰু ইউপিপিএল দলৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীৰ বাকযুদ্ধ তুংগত উঠা পৰিলক্ষিত হৈছে । 

বৃহস্পতিবাৰৰ দিনটোত ১৪ নং চিৰাং দুৱাৰ সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীৰ নিজ গাঁও আশ্ৰাবাৰীত হাগ্ৰামা মহিলাৰী উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰি খাম্ফা বৰগয়াৰীক প্ৰত্যাহ্বান জনাই কয় যে, ":খাম্ফা বৰগয়াৰীৰ নিজৰ আশ্ৰাবাৰী গাঁৱত ১০০ শতাংশৰ ভিতৰত ৭০ শতাংশই আশ্ৰাবাৰী প্ৰাইমাৰী বিপিএফৰ লগত আছে। বাকী ৩০ শতাংশৰ ভিতৰত দহৰ পৰা পোন্ধৰ শতাংশ ছাংগ্ৰাং ব্ৰহ্মৰ আৰু বাকি পাঁচৰ পৰা দহ শতাংশ মাত্ৰ খাম্ফা বৰগয়াৰীৰ লগত আছে" বুলি মন্তব্য কৰে । 

WhatsApp Image 2025-09-04 at 8.17.22 PM

ইফালে, "প্ৰমোদ বড়োই হাগ্ৰামা মহিলাৰীক সপোন দেখা মানুহ আৰু সপোনতে বিটিচিত চৰকাৰ গঠন কৰিব লাগিব বুলি কৰা কটাক্ষৰ প্ৰতুত্ত্যৰত হাগ্ৰামা মহিলাৰীয়ে কয়, মই এই বিলাক সপোন দেখা মানুহ নহয়। মই জীৱনতো সপোন নেদেখো। ১৪ নং চিৰাং দুৱাৰ সমষ্টিত ইউপিপিএলে আহক বা কংগ্ৰেছে আহক ইয়াত এক নম্বৰ বিপিএফ দলেই। ছাংগ্ৰাং ব্ৰহ্মই কি কয় বা খাম্পা বৰগয়াৰীয়ে কি কয় বা কোন বা দলে কি কয় মুঠতে চিৰাং দুৱাৰ সমষ্টিত বিপিএফৰ পজিচন খুব ভাল" বুলি উল্লেখ কৰে হাগ্ৰামাই।

আনহাতে, বিপিএফ দলে চিংগেল ডিজিট আসন লাভ কৰিব বুলি প্ৰমোদ বড়োই কৰা মন্তব্যৰ প্ৰতুত্ত্যৰত হাগ্ৰামা মহিলাৰীয়ে কয় যে, "এয়া ৰাইজৰ কথা নহয় প্ৰমোদ বড়োৰ কথা হে ৰাইজে কোৱা নাই নহয়। ৰাইজে কলে বেলেগ কথা। আজিও হাগ্ৰামা মহিলাৰীয়ে তেখেতৰ স্বভাৱসিদ্ধ ভঙ্গিমাৰে একালৰ সতীৰ্থ প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু প্ৰাক্তন উপমুখ্য কাৰ্য্যবাহী সদস্য খাম্ফা বৰগয়াৰীক কটাক্ষ কৰি সমালোচনা কৰে। কোনে কি কৈ থাকক মুঠৰ ওপৰত এইবেলি বিপিএফ দলে বিটিচিত একক সংখ্যাগৰিষ্ঠ আসন লাভ কৰি চৰকাৰ গঠন কৰিবলৈ গৈ আছে" বুলি মন্তব্য কৰে। 

ইপিনে আজিৰ দিনটোত বিপিএফ দলৰ সভাপতি তথা ১৪ নং চিৰাং দুৱাৰ সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীৰ পৈতৃক গাঁও আশ্ৰাবাৰীত নিৰ্বাচনী সভা অনুষ্ঠিত কৰি খাম্পা বৰগয়াৰীক সমালোচনা কৰাৰ পিছত ৰুণীখাতাত খাম্পা বৰগয়াৰীয়েও উভতি ধৰে হাগ্ৰামা মহিলাৰীক। মই হেজাৰ হেজাৰ বিপিএফ দলৰ সমৰ্থকক লৈ ইউপিপিএল দলত যোগদান কৰিছো । ১৪ নং চিৰাং দুৱাৰ সমষ্টিত ইউপিপিএল দলৰ প্ৰাৰ্থীৰ বাদে অন্য কোনো দলৰ প্ৰাৰ্থী জিকিব নোৱাৰে। চিৰাং দুৱাৰ সমষ্টিত বিপিএফ দলে যিমানেই চেষ্টা নকৰক কিয় হাগ্ৰামা মহিলাৰীক জিকাই আনিব নোৱাৰে" বুলি দাবী কৰে খাম্ফা বৰগয়াৰীয়ে। 

WhatsApp Image 2025-09-04 at 8.29.22 PM

তেওঁ লগতে সদৰি কৰে যে, "হাগ্ৰামা মহিলাৰী নিজৰ দেবৰগাঁও সমষ্টিৰ সৰলপাৰাত হেলিকপ্তাৰ লৈ সভা অনুষ্ঠিত কৰিব গৈছিল কিন্তু মানুহ নোহোৱাৰ কাৰণে দলৰ স্থানীয় নেতা সকলক গালি শপনি দি উভতি আহিব লগা হৈছে । এইবেলি হাগ্ৰামা মহিলাৰী দেবৰগাঁও আৰু চিৰাং দুৱাৰ দুয়োটা সমষ্টিতে পৰাজিত হব" বুলি মন্তব্য কৰে । 

আনহাতে, ইউপিপিএল দলৰ টিকটৰ পৰা বঞ্চিত হৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰা ডঃ ছাংগ্ৰাং ব্ৰহ্মৰ মনোনয়ন পত্ৰ বাতিল হোৱাৰ চৰ্চাৰ সন্দৰ্ভত কয় যে, খাম্পা বৰগয়াৰীয়ে কয় ছাংগ্ৰাং ব্ৰহ্মই মনোনয়ন পত্ৰত উল্লেখ কৰিছে তেখেত এজন সমাজকৰ্মী হিচাপে কিন্তু তেখেত হৈছে আচলতে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰীয়ানহে । তেখেতে মনোনয়ন পত্ৰত চৰকাৰী চাকৰীৰ বিষয়টো লুকাই ৰাখি নিৰ্বাচনৰ নীতি নিয়ম উলঙ্ঘা কৰিছে । সেয়ে ডঃ ছাংগ্ৰাং ব্ৰহ্মৰ মনোনয়ন পত্ৰ বাতিল কৰিবলৈ দাবী জনাইছে বুলি সদৰি কৰে নেতাগৰাকীয়ে।

হাগ্ৰামা মহিলাৰী