সংগীবিহীন হাগ্ৰামাঃ শীৰ্ষ নেতৃত্বৰ পাছত এতিয়া সাধাৰণ কৰ্মীয়েও এৰিছে সংগ...

দিন বেয়া চলিছে হাগ্ৰামাৰ। এজনৰ পাছত সিজনে সংগ এৰিছে বিপিএফ নেতা হাগ্ৰামা মহিলাৰীৰ। ২০১৬ চনৰ পাছৰ পৰা ক্ৰমাৎ নিশকতীয়া হৈ পৰিছে হাগ্ৰামা মহিলাৰী। 

author-image
Asomiya Pratidin
New Update
সংগীবিহীন হাগ্ৰামা, শীৰ্ষ নেতৃত্বৰ পাছত এতিয়া সাধাৰণ কৰ্মী...

ডিজিটেল ডেস্কঃ দিন বেয়া চলিছে হাগ্ৰামাৰ। এজনৰ পাছত সিজনে সংগ এৰিছে বিপিএফ নেতা হাগ্ৰামা মহিলাৰীৰ। ২০১৬ চনৰ পাছৰ পৰা ক্ৰমাৎ নিশকতীয়া হৈ পৰিছে হাগ্ৰামা মহিলাৰী। 

Advertisment

২০২০ৰ পাছত ক্ষমতাহীন হৈ পৰা হাগ্ৰামা এতিয়া অকলশৰীয়া। নিজৰ আশে পাশে থকা বিশ্বস্ত নেতা-কৰ্মীয়ে লগ এৰি দিছে হাগ্ৰামাৰ। তেওঁৰ অতিকে আপোনবোৰে ইতিমধ্যে এৰি গৈছে হাগ্ৰামাক। 

দীৰ্ঘ সময় হাগ্ৰামৰ সংগী হৈ থকা নেতা তথা বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ২০২০ চনত বিপিএফ এৰি বিজেপিত যোগদান কৰিছিল। অন্য এজন জ্যেষ্ঠ তথা অতি ঘনিষ্ঠ চন্দন ব্ৰহ্মই ২০২৪ চনত বিপিএফ ত্যাগ কৰি ইউপিপিএলত যোগদান কৰিছিল। 

একেদৰে ২০২৫ বৰ্ষতে অন্য এজন শীৰ্ষ নেতা খাম্ফা বৰগয়াৰীয়ে বিপিএফ এৰি ইউপিপিএলত যোগদান কৰিছিল। শীৰ্ষ নেতৃত্ব বা বন্ধুবোৰে হাগ্ৰামক কি কাৰণত এৰি গৈছে সেয়া জানিব পৰা নাযায় কিন্তু তেওঁৰ বিশ্বস্তবোৰে বিপিএফ এৰাৰ পাছত এতিয়া কনিষ্ঠসকলেও যাত্ৰা কৰিছে ইউপিপিএললৈ।

শেহতীয়াকৈ বিটিচি নিৰ্বাচনৰ প্ৰামুহূৰ্তত বিপিএফ দলৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক কমিটীৰ নেতা আনানিয়াল হাছদাইও বিপিএফত যোগদান কৰিলে। হাছদাৰ মতে ইউপিপিএল দলৰ প্ৰশাসনে বিটিআৰত আনিছে শান্তি। 

এই শান্তিয়ে এতিয়া সকলোকে ইউপিপিএললৈ মাতিছে। প্ৰমোদ বড়োৰ নেতৃত্বত হৈ থকা শান্তি আৰু উন্নয়নৰ বাৰ্তাত বিটিআৰ বাসী আকৰ্ষিত হৈছে।

প্ৰাক্তন বিপিএফ আদিবাসী নেতা হাছদাই হাগ্ৰামা মহিলাৰীৰ ১৭ বছৰীয়া শাসনৰ সময়ৰ হত্যা-হিংসাৰ কথা উল্লেখ কৰি লগতে কয় যে বিগত পাঁচটা বছৰত বিটিআৰবাসীয়ে সুখী অনুভৱ কৰিছে। বিধায়ক তথা এইবাৰ বিটিচি নিৰ্বাচনৰ প্ৰাৰ্থী লৰেঞ্চ ইছলাৰীৰ উপস্থিতিত আনানিয়াল হাছদাই মঙলবাৰে ইউপিপিএলত য়োগদান কৰিছিল।

ইউ পি পি এল বি পি এফ হাগ্ৰামা মহিলাৰী