/asomiyapratidin/media/media_files/2025/10/03/whatsapp-im-2025-10-03-21-40-26.jpeg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ এনডিএৰ পৰা ইউপিপিএলক বাহিৰ কৰি দিলেহে এনডিএত চামিল হ'ব বিপিএফ। বিজেপিলৈ এই চৰ্ত ৰাখিছে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে।
উল্লেখ্য যে, বিটিচি নিৰ্বাচনত চমকপ্ৰদ সাফল্যৰে ২৮ খন আসনত জয়ী হোৱা বিপিএফ দলে শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰাকক্ষণত হাগ্ৰামা মহিলাৰীৰ সভাপতিত্বত বিপিএফৰ নীতি নিৰ্ধাৰক কমিটিৰ বৈঠক অনুষ্ঠিত হয় ৷ অহা ৫ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰাকক্ষণত আজি অনুষ্ঠিত হোৱা বিপিএফৰ নীতি নিৰ্ধাৰক কমিটিৰ বৈঠকত বিপিএফ দলে কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।
কোকৰাঝাৰ চহৰস্থিত বড়োলেণ্ড অতিথিশালাত বিয়লি ৩ - ৩০ বজাৰ পৰা আৰম্ভ হোৱা বিপিএফ দলৰ নীতি নিৰ্ধাৰক কমিটিৰ বৈঠকত বিপিএফ দল এনডিএৰ অংশীদাৰ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে যদিও ইয়াত কিছুমান চৰ্ত ৰাখে। নীতি নিৰ্ধাৰক বৈঠকৰ পিছতে সন্ধিয়া আয়োজিত হোৱা এক সংবাদমেলত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কয় যে, যদিহে বিপিএফ দল এনডিএত চামিল হ'ব লগা হয় তেনেহলে প্ৰথমে ইউপিপিএল দলক আউট কৰিব লাগিব।
এনডিএৰ পৰা ইউপিপিএল দলক আউট কৰাৰ দাবীত অটল থাকি বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কয় যে, আউট কৰিলেই খেল শেষ আৰু তেতিয়াহে বিপিএফ এনডিএৰ অংশীদাৰী দল হ'ব কিন্তু যদিহে এনডিএৰ পৰা ইউপিপিএলক বাহিৰ কৰা নহয় তেনেহলে বিপিএফ দলে অকলে অকলে বাহিৰে বাহিৰে কাম কৰি থাকিব। প্ৰথমে মিত্ৰতা স্পষ্ট হ'ব লাগে , তাৰপিছত হে চৰকাৰ গঠনৰ কথা আহিব বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে।
তেওঁ লগতে উল্লেখ কৰে যে, বিপিএফৰ নীতি নিৰ্ধাৰক কমিটিৰ বৈঠকত এই সকলোবোৰ বিষয় বিস্তাৰিত ভাৱে আলোচনা কৰা হৈছে। নিৰ্বাচনী ইস্তাহাৰৰ প্ৰতিশ্ৰুতি কেনেদৰে পুৰণ কৰা যাব সেই সন্দৰ্ভতো আলোচনা কৰা হৈছে আৰু বিপিএফ দলে অকলে চৰকাৰ গঠন কৰি নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতি সমুহ ৰূপায়ন কৰিব পাৰিব নে নাই তাত সভাই সন্দেহ প্ৰকাশ কৰি এইক্ষেত্ৰত বিজেপিৰ সহায় লাগিব আৰু বিজেপিয়ে সহায় কৰিব বুলি আশাবাদী বুলি মন্তব্য প্ৰকাশ কৰিছে মহিলাৰীয়ে ।
ইপিনে সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত বিপিএফৰ প্ৰথম কাম হ'ব মাটিৰ পট্টা দিয়া বুলি মন্তব্য কৰি বিটিচিৰ ১৬ টা বিভাগ ঘূৰাই অনা আৰু বিটিচিৰ হৃত মৰ্যদা আৰু ক্ষমতা পুণৰোদ্ধাৰ কৰাও লক্ষ্য স্থিৰ কৰিছে বিপিএফে। পূৰ্বৰ দৰেই কাৰ্যবাহী সদস্য সকলে নিয়মানুসৰি এচকোৰ্ট, পিএচঅ' পাব লাগিব বুলি মন্তব্য কৰিছে মহিলাৰীয়ে।
আনহাতে, বিপিএফে বিজেপিৰ সতে মিত্ৰতাৰে বিটিচি চৰকাৰ গঠন কৰিব নেকি বুলি সাংবাদিকৰ এক প্ৰশ্নত্তোৰত হাগ্ৰামা মহিলিৰীয়ে কয় যে, প্ৰথমে মিত্ৰতা স্পষ্ট হ'ব লাগে, তাৰপিছত হে চৰকাৰৰ কথা আহিব। বিজেপিক দুই -তিনিটা কাৰ্যবাহীৰ পদ দিয়া হ'ব নেকি বুলি সোধা প্ৰশ্নোত্তোৰত হাগ্ৰামা মহিলাৰীয়ে কয় যে, এতিয়ালৈকে বিজেপিৰ পৰা তেনেধৰণৰ কোনো আনুষ্ঠানিক পত্ৰ পোৱা নাই আৰু বিজেপিয়ে আনুষ্ঠানিকভাৱে এই সন্দৰ্ভত কতো একো কোৱা নাই। অহা ৫ অক্টোবৰত শপত গ্ৰহণ অনুষ্ঠানত ৮ ৰ পৰা ১০ জন পাৰিষদে কাৰ্যবাহী সদস্য হিচাপে শপত লব বুলি সদৰি কৰাৰ লগতে শপত গ্ৰহণ অনুষ্ঠানত ৫০ হাজাৰ লোক সমৱেত হব বুলি মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে ৷
উল্লেখ্য যে, বিটিচিৰ চৰকাৰ গঠনৰ পূৰ্বে হাগ্ৰামা মহিলাৰীৰ চৰ্তক লৈ বিজেপি দলে কেনেদৰে আগবাঢ়ে সেয়া লক্ষণীয় হ'ব। দীৰ্ঘদিনীয়া এনডিএৰ অংশীদাৰ ইউপিপিএল দলক বিজেপিয়ে এনডিএৰ পৰা বাদ দিয়ে নে হাগ্ৰামা মহিলাৰীৰ চৰ্ত মানি নলয় সেয়া লক্ষণীয় হ'ব। আজিৰ বিপিএফৰ নীতি নিৰ্ধাৰক সমিতিৰ বৈঠকত নৱনিৰ্বাচিত সদস্যসকল উপস্থিত থকাৰ লগতে নিৰ্ধাৰক সমিতিৰ সদস্য সমুহ উপস্থিত আছিল।