২৬'ৰ  নিৰ্বাচনত বিপিএফৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিবঃ মুখ্যমন্ত্ৰী

হাগ্ৰামা মহিলাৰীৰ লগত ২০০২-২০০৩ চনৰ পৰাই এটা সুসম্পৰ্ক আছে। মই কোকৰাঝাৰলৈ আহিলেই হাগ্ৰামাক ফোন কৰো বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-10-05 at 7.44.02 PM

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিটিচিৰ মুখ্য কাৰ্যবাহী হিচাপে হাগ্ৰামা মহিলাৰীয়ে আজি চতুৰ্থ বাৰৰ বাবে শপত গ্ৰহণ কৰাত সমগ্ৰ বিটিচি এলেকাত আনন্দৰ বন্যা বৈছে। প্ৰচণ্ড বৰষুণ ,প্ৰতিকুল বতৰকো নেওঁচি ওদালগুৰীৰ পৰা কোকৰাঝাৰৰ জনতা স্বইচ্ছাই বিটিচি সচিবালয়ৰ খেলপথাৰত শপত গ্ৰহণৰ কাৰ্যসূচী স্বচক্ষে চাবলৈ উপস্থিত হৈছে। জাতি -ধৰ্ম -বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজে উবুৰি খাই পৰিছে বিটিচি সচিবালয়ৰ খেলপথাৰ।

এনে এক পৰিৱেশৰ মাজতে আজি পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা বিটিচি সচিবালয় খেলপথাৰত উপস্থিত হয়। সাধাৰণতে সদায়ে বাকপটু মুখ্যমন্ত্ৰীক আজি অন্য ৰূপত প্ৰত্যক্ষ কৰিলে জনতাই। অতি শীতলতা আৰু গাম্ভীৰ্যতা বৰ্তাই ৰখা মুখ্যমন্ত্ৰীয়ে গোটেই সময়ছোৱাত এবাৰৰ বাবে হলেও হঁহা দেখা নগল। যেন ম্লান হৈ থাকিল মুখ্যমন্ত্ৰী। চিৰাচৰিত ভাষণৰ পৰিবৰ্তে সাধাৰণ, গতানুগতিক দুই এষাৰ বক্তব্য দিয়েই ভাষণ সামৰিলে মুখ্যমন্ত্ৰীয়ে। 

WhatsApp Image 2025-10-05 at 7.34.01 PM

ইয়াৰ পিছত সংবাদ মাধ্যমৰ সতে হোৱা বাৰ্তালাপতো মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক কথা-বতৰা পতাৰ পৰিৱেশ নাই বুলি মন্তব্য কৰিলে । তেওঁ কয়- হাগ্ৰামা মহিলাৰীৰ লগত ২০০২-২০০৩ চনৰ পৰাই এটা সুসম্পৰ্ক আছে। মই কোকৰাঝাৰলৈ আহিলেই হাগ্ৰামাক ফোন কৰো বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷

ইফালে, জুবিন গাৰ্গৰ ঘটনাৰ বাবে আজিৰ সময়ত ৰাজনৈতিক কথা পতাৰ পৰিবেশ নাই। অসম চৰকাৰে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচি প্ৰশাসনক অহা পাঁচ বছৰলৈ সকলো দিশতে সহায় সহযোগিতা আগবঢ়াব ৷ বিটিচিত বসবাস কৰা ২৬ টা জাতি-জনগোষ্ঠীৰ সম উন্নয়নত গুৰুত্ব প্ৰদান কৰিবলৈ আহবান জনাই  অঞ্চলটোত শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷

আনহাতে, বিপিএফৰ পিএমবি বৈঠকত ইউপিপিএল দল এনডিএৰ পৰা আউট হলেহে বিপিএফ দল এনডিএত চামিল হব বুলি লোৱা প্ৰস্তাৱ সম্পৰ্কে সাংবাদিকে সোধা এক প্ৰশ্নোত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে, বিপিএফ দলে ইতিমধ্যে প্ৰস্তাৱ গ্ৰহণ কৰিছে ৷ এই সম্পৰ্কে মই এতিয়াও হাগ্ৰামা মহিলাৰীৰ সৈতে মই ৰাজনৈতিক কথা বতৰা পতা নাই। মই নাভাৱো যে বিপিএফ আৰু বিজেপিৰ মাজত সহযোগিতাৰ অভাৱ থাকিব ৷

লগতে, অৰুণোদয় আঁচনিক লৈ সাংবাদিকে সোধা এক প্ৰশ্নোত্তোৰত মুখ্যমন্ত্ৰীয়ে কয় যে, এতিয়া বিটিচিত নতুন প্ৰশাসনৰ লগত আলোচনা কৰিম আৰু  নতুন প্ৰশাসনে বিবেচনা কৰি আমাক লিষ্ট দিয়াৰ পিছত আমি দিব পাৰিম৷ বিটিচিত ৬ লাখ লোকে অৰুণোদয় আচঁনি লাভ কৰিব বুলি কয় মুখ্যমন্ত্ৰীয়ে ৷

ইফালে, বিটিচিৰ ভূমি বিষয়টো সম্পূৰ্ণ বিটিচিৰ ওপৰত আছে বুলি সদৰি কৰি উচ্ছেদ আৰু ভূমি পট্টা দিয়াৰ বিষয়টো এতিয়া বিটিচিয়ে লব বুলি কয় মুখ্যমন্ত্ৰীয়ে৷ বিটিচিৰ ১৬ টা বিভাগ চোৱাচিতাৰ বাবে পূৰ্বতে জিলা উপায়ুক্ত সকলক চাব দিয়া হৈছিল যদিও এতিয়া উক্ত বিভাগসমূহ বিটিচিয়ে চাব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷

একেদৰে, ইউপিপিএল দলক এনডিএত নাৰাখিব নেকি বুলি সোধা এক প্ৰশ্নোত্তোৰতো এতিয়া ৰাজনৈতিক কথা বতৰা পতাৰ সময় নহয় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। বিটিচিৰ ছটা মনোনিত সদস্য সন্দৰ্ভতো কোনো স্পষ্ট মত প্ৰকাশ নকৰিলে মুখ্যমন্ত্ৰীয়ে। অৱশ্যে তেওঁ কয় ২০২৬ চনৰ  নিৰ্বাচনত বিপিএফৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিব।

আনহাতে  ভিচিডিচি নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে ১২৫ তম সংবিধান সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছতহে  ভিচিডিচি নিৰ্বাচন অনুষ্ঠিত কৰা যাব।  বিটিচি প্ৰশাসন চলোৱা দায়িত্ব সম্পুৰ্ণ হাগ্ৰামা মহিলাৰীৰ ওপৰতে থাকিব বুলিও সাংবাদিকৰ আগত সদৰি কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷

ইফালে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ সকলো জাতি জনগোষ্ঠীৰ লোকক ধন্যবাদ জ্ঞাপন কৰিছে ৷ সাংবাদিকৰ আগত মহিলাৰীয়ে কয় যে, বিটিচিৰ উন্নয়নৰ স্বাৰ্থত সকলো জাতি জনগোষ্ঠীৰ লোকক লৈ আগবাঢ়ি যাব আৰু উন্নয়ন তৰান্বিত কৰিব ৷ মিত্ৰতা সন্দৰ্ভত হাগ্ৰামাই কয় যে য'ত ইউপিপিএল থাকিব তাত আমি নাথাকো।

WhatsApp Image 2025-10-05 at 7.34.01 PM (1)

এনডিএৰ লগত মিত্ৰতা সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে কয় যে, বিটিচিৰ উন্নয়ন স্বাৰ্থত যিকোনো কামেই কৰিব লাগিব ৷ বিজেপি পাৰিষদে কাৰ্যবাহী সদস্যৰ পদ পাব নেকি বুলি সাংবাদিকে সোধা এক প্ৰশ্নোত্তৰত হাগ্ৰামা মহিলাৰীয়ে কয় যে আমাৰ ধৰ্ম আমি পালন কৰিবই লাগিব ৷ কাৰ্যবাহী সদস্যৰ পদ এজনে পাব নে দুজন পাব সেয়া নকও কিন্তু পাবই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷

বিটিচি কাৰ্যবাহী পৰিষদত মুখ্য কাৰ্যবাহী আৰু উপমুখ্য কাৰ্যবাহী সদস্য লৈ মুঠ ১৬ গৰাকী কাৰ্যবাহী সদস্য থাকিব বুলিও মন্তব্য কৰিছে মহিলাৰীয়ে ৷ বিপিএফৰ মুখ্য কাম কি হ'ব বুলি সোধা এক প্ৰশ্নোত্তোৰত মহিলাৰীয়ে কয় যে, আমাৰ মুখ্য কাম হ'ব ভূমি পট্টা প্ৰদান কৰা ৷ এইবেলি মহিলা পাৰিষদে বিটিচিৰ কাৰ্যবাহী সদস্যৰ পদ লাভ কৰিব বুলি সদৰি কৰি নেপালত বড়োলেণ্ড অতিথিশালা নিৰ্মান কৰা হ'ব বুলিও হাগ্ৰামা মহিলাৰীয়ে সদৰি কৰিছে ৷

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা হাগ্ৰামা মহিলাৰী