'২৬ৰ বিধানসভা নিৰ্বাচনত বিপিএফে বিচাৰিব ২০খন আসনঃ হাগ্ৰামা মহিলাৰী

"আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে বিচাৰিব ২০খন আসন। বিজেপি মিত্ৰজোঁটৰ লগত থাকি বিপিএফে ১৫ৰ পৰা ২০খন আসনত প্ৰতিদ্বন্দিতা কৰিব।"

author-image
Asomiya Pratidin
New Update
iuduiswdui

ডিজিটেল সংবাদ, বাক্সাঃ "আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে বিচাৰিব ২০খন আসন। বিজেপি মিত্ৰজোঁটৰ লগত থাকি বিপিএফে ১৫ৰ পৰা ২০খন আসনত প্ৰতিদ্বন্দিতা কৰিব।" আজি বাক্সা জিলাত দুটাকৈ অসম মালা আঁচনিৰ পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি এই মন্তব্য কৰে বিপিএফৰ সভাপতি তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।

হাগ্ৰামা মহিলাৰীয়ে লগতে উল্লেখ কৰে যে, "এনডিএৰ সৈতে মিত্ৰতাৰে সমাগত বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হব বিপিএফ দল।" মহিলাৰীয়ে প্ৰমোদ বড়োকো কৰে তীব্ৰ সমালোচনা। তেওঁ কয় যে, "এই আঁচনিসমূহ প্ৰমোদ বড়োৰ দিনতে আৱন্টন হোৱা। কিন্তু প্ৰমোদ বড়োৱে কাম কৰিব বিচৰা নাছিল। হয়তো ধন আত্মসাৎ কৰিব বিচাৰিছিল।" 

আনহাতে হাগ্ৰামা মহিলাৰীয়ে পূৰ্বৰ পৰিষদৰ দিনত কোনো উন্নয়নমূলক কাম হোৱা নাই বুলি মন্তব্য কৰি কয় যে, বৰ্তমানৰ বিপিএফৰ পৰিষদৰ দিনত বিটিচিৰ অভূতপূৰ্ব উন্নয়ন হব। বিশেষকৈ অহা জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চিৰাঙৰ পৰা ভূটানৰ গেলেফুলৈ ৰেলপথৰ আধাৰশিলা স্থাপন কৰিব। ইফালে, শ্ৰীৰামপুৰত সংঘটিত চিণ্ডিকেট সন্দৰ্ভটো একো নাজানো বুলিও মন্তব্য কৰে নেতাগৰাকীয়ে। 

হাগ্ৰামা মহিলাৰী