/asomiyapratidin/media/media_files/2025/11/28/ujjjdd-2025-11-28-22-36-49.jpg)
ডিজিটেল ডেস্কঃ বিটিচিৰ হাগ্ৰামা মহিলাৰীৰ চৰকাৰৰ দপ্তৰ বিতৰণ কৰা হয় ২৮নৱেম্বৰত। হাগ্ৰামা মহিলাৰীয়ে নিজৰ লগত লোকনিৰ্মাণ, পঞ্চায়ত, গ্ৰামোন্নয়ন, বিত্ত বিভাগক ৰাখিব বাকী সকলো দপ্তৰ বিতৰণ কৰে EM সকলৰ মাজত। ডেপুটী চীফ ৰিহন দৈমাৰীক প্ৰদান কৰা হয় কৃষি বিভাগ।
ইয়াৰ বিপৰীতে মৃত্যুঞ্জয় নাৰ্জাৰীক প্ৰদান কৰা হয় পৰিবহণ বিভাগ। মুনমুন ব্ৰহ্মক নগৰ উন্নয়ন, উদ্যোগ-বাণিজ্য দপ্তৰ প্ৰদানৰ লগতে ৰবিৰাম নাৰ্জাৰীক প্ৰদান কৰা শিক্ষা বিভাগৰ দায়িত্ব।
ডেৰহাছাগ বসুমতাৰীক প্ৰদান কৰা হয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ। প্ৰকাশ বসুমতাৰীক প্ৰদান কৰা হয় সমাজ কল্যাণ বিভাগ। পানীৰাম ব্ৰহ্মক প্ৰদান কৰা হৈছে বন বিভাগ।
আবকাৰী আৰু পৰ্যটন বিভাগৰ দায়িত্ব প্ৰদান কৰা হৈছে ধীৰাজ বৰগয়াৰীক। জনস্বাস্থ্য, হস্ততাঁত, বস্ত্ৰশিল্পৰ দায়িত্ব প্ৰদান কৰা হৈছে বেগম আখতাৰা আহমেদক।
পশুপালন আৰু দুগ্ধ উন্নয়ন দায়িত্ব প্ৰদান কৰা হয় আগছতুছ তিগ্গাক। ৰাজহ, দুযোগ প্ৰশমন বিভাগৰ দায়িত্ব লামছৰাও দৈমাৰীৰ উপৰিও গণশ কছাৰীক জলসিঞ্চন বিভাগৰ দায়িত্ব অৰ্পন কৰা হয়।
ফ্ৰেছ মুছাহাৰীক জলসম্পদ, বজাৰ, সাংস্কৃতিক পৰিক্ৰমাৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান কৰে হাগ্ৰামা মহিলাৰীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us