বিটিচি ঠিক কৰিব লাগিলে "গিভ এণ্ড টেক " পলিচি লব লাগিব : হাগ্ৰামা

মাটিৰ পট্টা দিয়াৰ বাবে বিটিচিত প্ৰয়োজনীয় কৰ্মচাৰী কম হোৱাৰ বাবে ভূমি আৰু ৰাজহ বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সকলক সাময়িকভাৱে নিয়োগ কৰা হ'ব বুলি সদৰি কৰিছে মহিলাৰীয়ে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,কোকৰাঝাৰ: চৰকাৰ গঠনৰ পিছতে আৰম্ভ হ'ল হাগ্ৰামা মহিলাৰীৰ গিভ এণ্ড টেক পলিচি। নিৰ্বাচনত্তোৰ কালছোৱাত বিভিন্ন প্ৰতিশ্ৰুতিৰে ভোটাৰ ৰাইজক মোহাচ্ছন্ন কৰি শাসনৰ গাদী দখল কৰা হাগ্ৰামা মহিলাৰীয়ে চিৰাচৰিত প্ৰথাৰে আৰম্ভ কৰিছে "গিভ এণ্ড টেক" পলিচি।

বিটিচি চৰকাৰ গঠন হোৱাৰ পিছত আজি বিটিচি সচিবালয়ত অনুষ্ঠিত হোৱা প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠক অধ্যক্ষতা কৰি বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কাৰ্যনিৰ্বাহক বৈঠকৰ অন্তত হাগ্ৰামা মহিলাৰীয়ে সংবাদমাধ্যমৰ আগত কয় যে বৈঠকত কেবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু ইয়াৰ ভিতৰত অহা বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিটিচিত মাটিৰ পট্টা দিয়া কাম আৰম্ভ হ'ব।

মাটিৰ পট্টা দিয়াৰ বাবে বিটিচিত প্ৰয়োজনীয় কৰ্মচাৰী কম হোৱাৰ বাবে ভূমি আৰু ৰাজহ বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক সাময়িকভাৱে নিয়োগ কৰা হ'ব বুলি সদৰি কৰিছে মহিলাৰীয়ে। বিটিচিত সংশ্লিষ্ট বিভাগৰ ২৯ গৰাকী অৱসৰপ্ৰাপ্ত মণ্ডল আৰু কাননগো আছে আৰু তেওঁলোকক সাময়িকভাৱে নিয়োগ কৰা হ'ব বুলিও সদৰি কৰিছে ।

ইয়াৰোপৰি ২০০ গৰাকী যুৱক -যুৱতীয়ে মণ্ডল প্ৰশিক্ষণ লৈ এনেই বহি আছে বুলি মন্তব্য কৰি হাগ্ৰামা মহিলাৰীয়ে তেওঁলোককো সাময়িকভাৱে নিয়োগ কৰা হ'ব বুলি জানিবলৈ দিছে। আজিৰ কাৰ্যনিৰ্বাহক বৈঠকত ১০০ কোটি টকা ক'ত কেনেদৰে খৰছ কৰা হ'ব তাৰ সিদ্ধান্ত লোৱা হৈছে বুলি মন্তব্য কৰে।

গাহৰি পালন , মৎস উৎপাদন, ৰেচন, হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগসমুহক অগ্ৰাধিকাৰ দিয়া হ'ব আৰু ক'ত খৰছ কৰিলে বেছি লাভদায়ক তাৰ বাবে এটা টীম গঠন কৰি দিয়া হৈছে বুলি সদৰি কৰিছে হাগ্ৰামা মহিলাৰীয়ে।

আনহাতে অহাকালি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সতে বৈঠক থকাৰ কথা সদৰি কৰি বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে কয় যে মুখ্যমন্ত্ৰীৰ সতে অনুষ্ঠিত হ'বলগীয়া বৈঠকত কেবাটাও বিষয় তুলি ধৰা হ'ব।

ইয়াৰ ভিতৰত বিত্তীয় দায়বদ্ধতা , কাম কৰাৰ বাবে পৰ্যাপ্ত মানৱ সম্পদৰ অভাৱ আৰু বিটিচিৰ অন্তবৰ্তীকালিন বাজেট সন্দৰ্ভত আলোচনা কৰা হ'ব। অসম চৰকাৰে অহা নৱেম্বৰত অন্তবৰ্তীকালিন বাজেট দাখিল কৰিব পাৰে আৰু সেয়েহে বিটিচিৰ অন্তবৰ্তীকালিন বাজেট উত্থাপনৰো পোষকতা কৰিছে হাগ্ৰামা মহিলাৰীয়ে। 

ইপিনে সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত হাগ্ৰামা মহিলাৰীয়ে কয় যে বিটিচি চৰকাৰত বিজেপিৰ পৰা দুজন সদস্য থাকিব আৰু উপাধ্যক্ষজনো বিজেপিৰ পৰা হ'ব বুলি সদৰি কৰিছে। বিটিচি ঠিক কৰিব লাগিলে "গিভ এণ্ড টেক " পলিচি লব লাগিব বুলি মন্তব্য কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে সদায় লোৱা কথাটো চিন্তা কৰিলে কাম ভাল নহয় আৰু সেয়ে দিবও জানিব লাগিব বুলি তাপপৰ্যপূৰ্ণ মন্তব্য কৰিছে। 

হাগ্ৰামা মহিলাৰী