/asomiyapratidin/media/media_files/2026/01/18/whatsapp-image-2026-01-18-18-20-09.jpeg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বাগুৰুম্বা সাংস্কৃতিক নৃত্য চাই মইও আনন্দিত আৰু প্ৰধানমন্ত্ৰীয়েও ভাল পাইছে। প্ৰধানমন্ত্ৰীয়ে মোক satisfied বুলি কৈছে। প্ৰধানমন্ত্ৰীয়ে নিজেই আহি মোৰ সতে দুবাৰ হেণ্ডচেক কৰিছে। আপোনালোকে সেয়া নিশ্চয় দেখিছে। প্ৰধানমন্ত্ৰীৰ সন্মুখত বাগুৰুম্বা সাংস্কৃতিক নৃত্য প্ৰদৰ্শিত হোৱাৰ পিছত আজি এই মন্তব্য প্ৰকাশ কৰিছে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য য়ে।
দেওবাৰে কোকৰাঝাৰৰ জে ডি পথৰ পাখ্ৰিগুৰীত ব্যক্তিগত খণ্ডৰ নীলাচল হস্পিতাল আৰু ৰিচাৰ্চ চেণ্টাৰ আনুষ্ঠানিকভাৱে মুকলি কৰি সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত হাগ্ৰামা মহিলাৰীয়ে উক্ত মন্তব্য প্ৰকাশ কৰিছে। এঢোপ আগবাঢ়ি মহিলাৰীয়ে কয় যে, প্ৰধানমন্ত্ৰী মোৰ পুৰণা চিনাকী আৰু পুৰণা বন্ধু। বহুত আগৰ পৰাই প্ৰধানমন্ত্ৰীয়ে মোক জানে।
আনহাতে সাংবাদিকৰ আন এক প্ৰশ্নোত্তোৰত অহা ২৭ জানুৱাৰীত বিটিচিয়ে বড়ো শান্তি চুক্তি উদযাপন কৰিব বুলি সদৰি কৰিছে হাগ্ৰামা মহিলাৰীয়ে। প্ৰমোদ বড়োৱে কিন্তু বিটিচি চুক্তি উদযাপন কৰা নাছিল বুলি মন্তব্য কৰি প্ৰমোদ বড়ো কেনে ধৰণৰ মানুহ বুলিও মন্তব্য কৰিছে বিটিআৰ প্ৰধান গৰাকীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/18/whatsapp-image-2026-01-18-18-21-08.jpeg)
উল্লেখ্য যে আজি কোকৰাঝাৰৰ জেডি ৰোডৰ পাখ্ৰিগুৰীত ডাঃ এছ চি ৰাভাৰ তত্বাৱধানত ব্যক্তিগত খণ্ডৰ নীলাচল হস্পিতাল আৰু ৰিছাৰ্চ চেণ্টাৰ আনুষ্ঠানিকভাৱে হাগ্ৰামা মহিলাৰীয়ে ফিতাকাটি মুকলি কৰে। ব্যক্তিগত খণ্ডৰ হস্পিতালখন আনুষ্ঠানিকভাৱে মুকলি কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে বহুদিনৰ পৰাই কোকৰাঝাৰত এখন উন্নতমানৰ তথা অত্যাধুনিক হস্পিতালৰ প্ৰয়োজন আছিল আৰু সেই সপোন আজি পুৰণ হ'ল।
আনহাতে উক্ত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি বিধায়ক লৰেন্স ইছলাৰীয়ে ডাঃ এছ চি ৰাভাৰ তত্বাৱধানত গঢ়ি উঠা অত্যাধুনিক হস্পিতালখনত ৰোগীয়ে উন্নতমানৰ চিকিৎসা সেৱা লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। ইপিনে নীলাচল হস্পিতাল আৰু ৰিছাৰ্চ চেণ্টাৰৰ স্বত্বাধিকাৰী ডাঃ এছ চি ৰাভাই কোকৰাঝাৰত অত্যাধুনিক হস্পিতালৰ প্ৰয়োজন আছিল বুলি মন্তব্য কৰি সপোনৰ হস্পিতালখনে জনতাৰ আশা-আকাংক্ষা পুৰণ কৰিব বুলি আশা প্ৰকাশ কৰি চিকিৎসা সেৱা প্ৰদানত কোনোধৰণৰ ক্ৰটি নাথাকিব আৰু সৰ্বোত্তোম চিকিৎসা সেৱা প্ৰদানৰ চেষ্ঠা কৰা হ'ব বুলি সদৰি কৰিছে ডাঃ এছ চি ৰাভাই।
আজিৰ অনুষ্ঠানত বিটিচিৰ নিৰ্বাচিত সদস্য দনেশ্বৰ গয়াৰী, কেবাগৰাকী চিকিৎসক, কেবাগৰাকী বিশিষ্ট ব্যক্তি সহিতে বহুসংখ্যক স্থানীয় ৰাইজ উপস্থিত আছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us