/asomiyapratidin/media/media_files/2025/12/10/new-ap-web-3-13-2025-12-10-21-21-43.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিটিচি এচেম্বলি আক্ৰমণৰ আঁৰত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক , উপ পঞ্জীয়ক আৰু কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ উচটনি আছে। তেওঁলোকৰ প্ৰৰোচনাতে বিটিচি এচেম্বলি আক্ৰমণৰ ঘটনাটো সংঘটিত হোৱাৰ তথ্য পোৱা গৈছে- এই বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে।
কোকৰাঝাৰত আয়োজিত হোৱা শ্বহীদ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত উক্ত বিস্ফোৰক মন্তব্য প্ৰকাশ কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে, কালি বিটিচিৰ কাৰ্যনিৰ্বাহক সভাত এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হৈছে। বিটিচি বিধান পৰিষদৰ কাৰ্যনিৰ্বাহক সিদ্ধান্ত অনুসৰি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক, উপ-পঞ্জীয়ক আৰু কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়কক অব্যাহতি দিয়াৰ প্ৰস্তাৱ লোৱা হৈছে । তদুপৰি বিটিচি এচেম্বলি আক্ৰমন কৰা ঘটনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা ন্যায়িক তদন্তৰ দাবী উত্থাপন কৰা হৈছে। তদন্তৰ পিছত সকলো পৰিস্কাৰ হ'ব বুলি মন্তব্য কৰি এনেই গান গাই থাকি লাভ নাই বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মহিলাৰীয়ে।
আনহাতে, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভতো বিটিচিৰ কাৰ্যনিৰ্বাহক সভাত আলোচনা হোৱা বুলি সদৰি কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে, বৰ্তমানৰ জনজাতিৰ মৰ্যদা অক্ষুণ্ণ ৰাখি ছয় জনগোষ্ঠীৰ জনজাতিকৰণত বিটিচি চৰকাৰৰ আপত্তি নাই। পূৰ্বৰ স্থিতিয়ে অক্ষুণ্ণ আছে বুলি মন্তব্য কৰি হাগ্ৰামা মহিলাৰীয়ে কয়, চৰকাৰ হিচাপে আমৰো দায়িত্ব আছে, কৰ্তব্য আছে, মতামত আছে। আমাৰ মতামত হ'ল বৰ্তমানৰ জনজাতিৰ মৰ্যদা অক্ষুণ্ণ ৰাখি ছয় জনগোষ্ঠীক "ভি" নে "পি" মৰ্যাদাৰে জনজাতি কৰে তাত আমাৰ আপত্তি নাই।
তেওঁ লগতে উল্লেখ কৰে যে, বিটিচি এলেকাত দুটা এছটি কেটেগৰী থাকিব নালাগে। V হ'লে V আৰু P হ'লে P বুলি মন্তব্য কৰি বিটিচি এলেকাত জনজাতিকৰণ এটা কেটেগৰীৰ কৰিব লাগে বুলি পৰামৰ্শ আগবঢ়াইছে মহিলাৰীয়ে।বৰ্তমানৰ জনজাতিৰ মৰ্যদা অক্ষুণ্ণ ৰাখি ছয় জনগোষ্ঠীৰ জনজাতিকৰণত বিটিচি চৰকাৰৰ আপত্তি নাই সেয়া পুনৰাই অনুমোদন দিম বুলি মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে।
ইপিনে, ৰাজ্যজুৰি উদযাপন শ্বহীদ দিৱস উদযাপনৰ সামন্তৰালভাৱে কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত উদযাপিত হোৱা শ্বহীদ দিৱসত অংশগ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীয়ে অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত শ্বহীদবৰণ কৰা শ্বহীদত সশ্ৰদ্ধ স্মৰণ কৰে। শ্বহীদ দিৱসত অংশগ্ৰহণ কৰি আনন্দিত হোৱা বুলি মন্তব্য কৰি অসম আন্দোলনৰ পৰিণতিতে উদ্যোগৰ পৰা আৰম্ভ কৰি যোগাযোগ ব্যৱস্থালৈকে সকলো হৈছে বুলিও মন্তব্য কৰিছে মহিলাৰীয়ে।
আনহাতে, শ্বহীদক সকলোৱে সন্মান দিব লাগে আৰু শ্বহীদ দিৱসৰ কাৰ্যসূচী জিলাই জিলাই অনুষ্ঠিত কৰাৰ বাবে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে হাগ্ৰামা মহিলাৰীয়ে। উল্লেখ্য যে, আজি কোকৰাঝাৰত আয়োজিত হোৱা শ্বহীদ দিৱসৰ কাৰ্যসূচীত হাগ্ৰামা মহিলাৰীৰ লগতে বিটিচিৰ কাৰ্যবাহী সদস্য ক্ৰমে দেৰহাছাৎ বসুমতাৰী, মুনমুন ব্ৰহ্ম, জিলা আয়ুক্তা মাচিন্দা এম পাৰ্টিন আৰু বহুসংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত আছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us