হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে  দেবৰগাঁও সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ হুংকাৰ একালৰ সতীৰ্থ খাম্ফা বৰগয়াৰীৰ

হাগ্ৰামা মহিলাৰীৰ মন্তব্যৰ প্ৰত্যুত্তৰত প্ৰথমবাৰৰ বাবে তেওঁৰ একালৰ সতীৰ্থ বৰ্তমানৰ ইউপিপিএলৰ নেতা খাম্পা বৰগয়াৰীয়ে দেৱৰগাওঁ সমষ্টিত প্ৰতিদ্বন্দিতা কৰাৰ কথা হুংকাৰ দিছে।

author-image
Asomiya Pratidin
New Update
হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে  দেবৰগাঁও সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ হুংকাৰ একালৰ সতীৰ্থ খাম্ফা বৰগয়াৰীৰ

ডিজিটেল সংবাদ, চিৰাংঃ আগন্তুক বিটিচি নিৰ্বাচনত একালৰ সতীৰ্থ তথা বিটিচিৰ প্ৰাক্তন উপমুখ্য কাৰ্য্যবাহী সদস্য খাম্পা বৰগয়াৰী আৰু কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী ওৰফে ফেৰেঙ্গাক নিৰ্বাচনত হৰুৱাবলৈ তেওঁলোকৰ বিৰুদ্ধে নিজেই প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হোৱাৰ কথা ঘোষণা কৰিছিল। হাগ্ৰামা মহিলাৰীৰ এই ঘোষণাৰ পিছত আজি পোন প্ৰথমবাৰৰ বাবে প্ৰত্যুত্তৰ দি হাগ্ৰামা মহিলাৰীকহে হুংকাৰ তেওঁৰে একালৰ সতীৰ্থ তথা বৰ্তমানৰ ইউপিপিএল নেতা খাম্পা বৰগয়াৰীয়ে।

Advertisment

হাগ্ৰামা মহিলাৰীৰ গৃহ সমষ্টি ১০ নং দেবৰগাঁও পৰিষদীয় সমষ্টিত হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা হুংকাৰ প্ৰদান কৰে খাম্পা বৰগয়াৰীয়ে। আজি ১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টিত একালৰ সতীৰ্থ তথা প্ৰাক্তন কেবিনেট মন্ত্ৰী চন্দন ব্ৰহ্মই ইউপিপিএল দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছত তেখেতৰ শুভেচ্ছা জ্ঞাপন কৰিবলৈ আয়োজন কৰা মটৰচাইকেল ৰেলীত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এইদৰে হুংকাৰ প্ৰদান কৰে খাম্পা বৰগয়াৰীয়ে।

আনপিনে ইউপিপিএল দলৰ কাৰ্য্যকৰী সভাপতি তথা বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰীয়ে খাম্পা বৰগয়াৰীৰ এই হুংকাৰক একপ্ৰকাৰ সমৰ্থন জনাই মন্তব্য কৰে। তেখেতে আৰু কয় যে, এসময়ত হাগ্ৰামা মহিলাৰীৰ সোঁহাত -বাওঁহাত স্বৰূপ প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু প্ৰাক্তন উপমুখ্য কাৰ্য্যবাহী সদস্য খাম্পা বৰগয়াৰীয়ে হাগ্ৰামা মহিলাৰীৰ একনায়কত্ববাদ আৰু অহংকাৰী চৰিত্ৰৰ বাবে তেখেতৰ দল এৰি ইউপিপিএল দলত যোগদান কৰিছিল।

চন্দন ব্ৰহ্ম আৰু খাম্পা বৰগয়াৰীয়ে দল ত্যাগ কৰি অহাৰ পিছত হাগ্ৰামা মহিলাৰীয়ে এই দুজন নেতাক উদ্দেশ্যি তাচ্ছিল্য ভৰা মন্তব্য কৰি কৈছিল ইউপিপিএল দলত চন্দন ব্ৰহ্ম আৰু খাম্পা বৰগয়াৰীৰ কোনো স্থান নাই তেওঁলোকে ইউপিপিএল দলত পচিব বুলি মন্তব্য কৰিছিল কিন্তু হাগ্ৰামা মহিলাৰীৰ মন্তব্যক নস্যাৎ কৰি তেখেতৰ ধাৰনাক ভুল প্ৰমাণিত কৰি আমাৰ ইউপিপিএল দলে ১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টিত প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। এইবেলি চন্দন ব্ৰহ্মই কাজলগাঁও পৰিষদীয় সমষ্টিত বিজয়ী হ'ব বুলি দাবী কৰে।

নিৰ্বাচন হাগ্ৰামা মহিলাৰী খাম্পা বৰগয়াৰী