অসমলৈ কেন্দ্ৰৰ ডাঙৰ উপহাৰঃ ৫,৭২৯কোটি টকাৰ গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্পক অনুমোদন...

অসমলৈ কেন্দ্ৰৰ ডাঙৰ উপহাৰঃ ৫,৭২৯কোটি টকাৰ গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্পক অনুমোদন...

author-image
Asomiya Pratidin
New Update
অসমলৈ কেন্দ্ৰৰ ডাঙৰ উপহাৰঃ ৫,৭২৯কোটি টকাৰ গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্পক অনুমোদন...

ডিজিটেল ডেস্কঃ শুকুবাৰৰ কেন্দ্ৰীয় কেবিনেট বৈঠকত অসমক এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। গুৱাহাটীৰ ৰিং ৰোডৰ বাবে কেন্দ্ৰই অনুমোদন জনালে ৰিং ৰোড প্ৰকল্পক। গুৱাহাটীৰ এই মেগা প্ৰকল্পৰ বাবে কেন্দ্ৰই অনুমোদন জনালে ৫হাজাৰ ৭২৯কোটি টকা।

Advertisment

কেন্দ্ৰীয় কেবিনেটৰ এই সুখবৰটো সামাজিক মাধ্যম যোগে ৰাজহুৱা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে লিখিলে এনেদৰে- Excellent news … As the Union Cabinet approves the ₹5,729 cr Guwahati Ring Road Project; Assam places on record its deepest appreciation to Hon’ble Prime Minister Shri @narendramodi ji and Hon’ble Union Minister Shri  @nitin_gadkari ji for this transformative effort.

উল্লেখ কৰা প্ৰয়োজন যে,  ১২১ কিলোমিটাৰ এই ৰিং ৰোড তিনিটা খণ্ডত নিৰ্মাণ কৰা হ’ব।  উত্তৰ গুৱাহাটী বাইপাছ (56 কিলোমিটাৰ), 27 নং ৰাষ্ট্ৰীয় ঘাইপথত বৰ্তমানৰ 4 লেন বাইপাছ বহল কৰি 6 লেন (8 কিলোমিটাৰ) আৰু 27 নং ৰাষ্ট্ৰীয় ঘাইপথত বৰ্তমানৰ বাইপাছৰ উন্নতি (58 কিলোমিটাৰ)ৰ সৈতে সংযুক্ত হব এই ৰিং ৰোড।

এই প্ৰকল্পৰ অংশ হিচাপে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এখন বৃহৎ দলঙো নিৰ্মাণ কৰা হ’ব ৷ এই ৰিং ৰোড নিৰ্মাৰ পাছত শিলিগুৰি, শিলচৰ, শ্বিলং, যোৰহাট, তেজপুৰ, যোগীঘোপা আৰু বৰপেটাৰ সৈতে সংযোগ সূচল হ’ব ৷

গুৱাহাটী