বিশ্ব দৰবাৰত জিলিকিল অসমৰ দুই ভাতৃ

১৫ জানুৱাৰীত ওড়িশাৰ ভুৱনেশ্বৰৰ কে আই আই টি বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা ফিডে গ্ল’বেল কনফাৰেন্স অন চেছ ইন ছ’চাইটি এণ্ড এডুকেচনত এই বঁটা প্ৰদান কৰা হয়।

author-image
Asomiya Pratidin
New Update
new ap web 2 (40)

ডিজিটেল ডেস্কঃ অসমৰ ক্ৰীড়া জগতৰ বাবে এক গৌৰৱোজ্জ্বল খবৰ। গুৱাহাটীৰ দুগৰাকী যুৱ দবা খেলুৱৈ বিহান উপাধ্যায় আৰু বিৰাজ উপাধ্যায়ক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ 'আউটষ্টেণ্ডিং ফিডে ছ’চিয়েল এৱাৰ্ড' প্ৰদান কৰা হয়। ১৫ জানুৱাৰীত ওড়িশাৰ ভুৱনেশ্বৰৰ কে আই আই টি বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা ফিডে গ্ল’বেল কনফাৰেন্স অন চেছ ইন ছ’চাইটি এণ্ড এডুকেচনত এই বঁটা প্ৰদান কৰা হয়।

WhatsApp Image 2026-01-16 at 4.31.45 PM (2)

এই বঁটাৰ জৰিয়তে ভাতৃদ্বয়ৰ তৃণমূল পৰ্যায়ৰ পদক্ষেপ “প’নছ টু কিংছ”ক স্বীকৃতি দিয়া হৈছে। যাৰ জৰিয়তে তেওঁলোকে দৰিদ্ৰ আৰু প্ৰান্তীয় সমুদায়ৰ শিশুসকলৰ বাবে দবা খেলৰ সুবিধা প্ৰদান কৰিছে। অতি কম বয়সতে বিহানে FIDE ৰেটিং ২১০১ আৰু বিৰাজে ১৯৮৩ লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে, এই পদক্ষেপৰ জৰিয়তে দুই ভাতৃয়ে গুৱাহাটী, শিলচৰ, পামোহী, বৰখোলাকে ধৰি সমগ্ৰ অসমতে কেইবাখনো দবা কৰ্মশালাৰ আয়োজন কৰিছে। এই কৰ্মশালাসমূহে দুৰ্গম গাঁও, অনাথ আশ্ৰম, শিশু যত্ন গৃহ, আৰু অন্যান্য বঞ্চিত সম্প্ৰদায়ৰ শ শ শিশুৰ কাষ চাপিছে। তেওঁলোকৰ কাৰ্যসূচীৰ লক্ষ্য হৈছে সকলো শিশুকে তেওঁলোকৰ অৰ্থনৈতিক পটভূমি নিৰ্বিশেষে দবাৰ পৰিচয় কৰাই দিয়াৰ লগতে অনুশাসন, একাগ্ৰতা, আত্মবিশ্বাস আৰু আৱেগিক শক্তি গঢ়ি তোলা।

WhatsApp Image 2026-01-16 at 4.31.46 PM

তেওঁলোকৰ আউটৰিচ কামৰ এটা গুৰুত্বপূৰ্ণ অংশ হৈছে প্ৰজেক্ট চাইল্ড, যিটো কাছাৰ জিলাৰ বানপীড়িত অঞ্চলত কৰা হৈছিল। এই প্ৰকল্পৰ জৰিয়তে শিশুসকলক মানসিক চাপৰ সৈতে মোকাবিলা কৰাত, আত্মবিশ্বাস পুনৰ লাভ কৰাত আৰু প্ৰাকৃতিক দুৰ্যোগৰ পাছত স্বাভাৱিক জীৱনৰ অনুভূতিলৈ ঘূৰি অহাত সহায় কৰিবলৈ দবা খেলৰ ব্যৱহাৰ কৰা হৈছিল। ইপিনে ১৪ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা তিনিদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনত বিশ্বৰ বিভিন্ন প্ৰান্তৰ দবাৰ বিষয়া, শিক্ষক, গৱেষক, সমাজকৰ্মীসকলে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত চিন্তা দক্ষতা, সিদ্ধান্ত গ্ৰহণ আৰু সামগ্ৰিক জীৱন দক্ষতা উন্নত কৰাৰ বাবে বিশ্বজুৰি শিক্ষা ব্যৱস্থাত দবাক প্ৰৱৰ্তন কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা FIDE Year of Chess in Education 2026 ৰ আৰম্ভণি কৰা হয়।

আন্তঃৰাষ্ট্ৰীয় দবা ফেডাৰেচনৰ জ্যেষ্ঠ বিষয়াসকলে অন্তৰ্ভুক্তিৰ প্ৰয়োজনীয়তা, সম্প্ৰদায়-চালিত প্ৰচেষ্টা, আৰু দবাৰ বহল শৈক্ষিক মূল্যৰ ওপৰত আলোকপাত কৰা পৰিলক্ষিত হয়। এই অনুষ্ঠানত বিশ্বৰ দবা আৰু শিক্ষা ক্ষেত্ৰৰ বহু পৰিচিত ব্যক্তি উপস্থিত থাকে। গুৱাহাটীৰ এই দুই যুৱ দবা খেলুৱৈ লাভ কৰা সন্মানে প্ৰমাণ কৰিছে যে বিশ্বজুৰি দবা খেলক সামাজিক আৰু শৈক্ষিক বিকাশৰ এক শক্তিশালী আহিলা হিচাপে ক্ৰমান্বয়ে স্বীকৃতি লাভ কৰিছে। ইয়াৰ উপৰিও উত্তৰ-পূৱৰ পৰা অহা স্থানীয় পদক্ষেপে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি কেনেদৰে লাভ কৰিছে, সেই বিষয়েও আলোকপাত কৰে।

WhatsApp Image 2026-01-16 at 4.31.45 PM

ভুৱনেশ্বৰ