/asomiyapratidin/media/media_files/2025/08/28/cricket-28-2025-08-28-19-00-54.jpg)
ডিজিটেল ডেস্কঃ হাইলাকান্দিক ৫৯ ৰাণত পৰাস্ত কৰি গুৱাহাটীয়ে জে কে বৰুৱা ১৯ বছৰৰ অনুৰ্ধ আন্তঃ জিলা ক্ৰিকেটত বিজয়ীৰ সন্মান লাভ কৰিছে। বৃহস্পতিবাৰে গোৱালপাৰাৰ ডি.এন.ষ্টেডিয়ামত হোৱা ফাইনেলত প্ৰথমে বেটিং কৰিবলৈ আহি গুৱাহাটীয়ে ৩৬.৫ অভাৰত মুঠ ১৩০ ৰাণ সংগ্ৰহ কৰে।
দলটোৰ হৈ দেৱৰাজ শৰ্মাই সৰ্বাধিক ৩৫ ৰাণ কৰে। প্ৰত্যুত্তৰত হাইলাকান্দিয়ে ২৯.৩ অভাৰত ৭১ ৰাণতে অল আউট হয়। গুৱাহাটীৰ পংকজ ৰয়ে ১২ আৰু মনীষ মাহাতোৱে ১২ ৰাণ দি তিনিটাকৈ উইকেট লাভ কৰে। কুশলী বেটিং আৰু বলিং প্ৰদৰ্শনৰ বাবে মনীষ মাহাতোক প্লেয়াৰ অৱ দ্য মেচ হিচাপে নিৰ্বাচিত কৰা হয়।
সামৰণি অনুষ্ঠানত গোৱালপাৰা জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়া আৰু অন্যান্য বিশিষ্ট অতিথিসকলে শোভা বঢ়ায়। অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈ আৰু সম্পাদক ত্ৰিদিব কোঁৱৰে টিম গুৱাহাটীক তেওঁলোকৰ জয়ৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে হাইলাকান্দিৰ উৎসাহী প্ৰদৰ্শনকো প্ৰশংসা কৰে। তেওঁলোকে তাৰ লগতে অংশগ্ৰহণকাৰী সকলো দলকো তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনায়।
ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ: মনীষ মাহাতো (গুৱাহাটী)
প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বেটছমেন: শিৱেন্দ্ৰ (মাৰ্ঘেৰিটা)
প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বলাৰ: বৈভৱ আনন্দ বৰা (গোলাঘাট)
প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈঃ আদ্ৰিয়ান কাশ্যপ (গোলাঘাট)