৮৬ বছৰ বয়সত সৰোজিনী ভাগৱতীয়ে লাভ কৰিলে দ্বিতীয়টো স্নাতকোত্তৰ ডিগ্রী

নিৰন্তৰ শিক্ষা আৰু বৌদ্ধিক নবীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা এই সময়ছোৱাত সৰোজিনী ভাগৱতীৰ জীৱনযাত্রাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তর্ভুক্তিমূলক শৈক্ষিক পৰিবেশৰ সাক্ষ্য বহন কৰাৰ লগতে, যিকোনো বয়সতে শিকিবলৈ মানুহৰ অন্তহীন আগ্রহকো প্রতিফলিত কৰিছে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-07 at 2.08.02 PM

ডিজিটেল সংবাদ,গুৱাহাটীঃ বহু দশক ধৰি সৰোজিনী ভাগৱতীয়ে বুকুত পোহৰাই ৰখা এক সপোন এইবাৰ বাস্তৱ ৰূপ লাভ কৰিলে। ৮৬ বছৰীয়া সৰোজিনী ভাগৱতীয়ে সফলতাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেওঁৰ দ্বিতীয়টো স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিলে। 

দুবছৰৰ অধ্যয়নৰ অন্তত সৰোজিনী ভাগৱতীয়ে অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰে আৰু CGPA ৫.৫ অর্জন কৰে। তেওঁৰ পাঠ্যক্ৰমত প্রয়োগিক ভাষাবিজ্ঞান আৰু পশ্চিমীয়া সাহিত্য সমালোচনা আদিৰ দৰে গভীৰ আৰু বিশ্লেষণধর্মী বিষয় অন্তর্ভুক্ত আছিল, যাৰ বাবে ধৈর্য, গভীৰ অধ্যয়ন আৰু তাত্ত্বিক জ্ঞানৰ প্ৰয়োজন হয়। যি বয়সত সাধাৰণতে মানুহে আনুষ্ঠানিক শিক্ষাৰ পৰা আঁতৰি যায়, তাৰো কেইবা দশকৰ পাছত তেখেত পুনৰ বিশ্ববিদ্যালয় পর্যায়ৰ উচ্চ শিক্ষালৈ উভতি আহি এক নতুন প্ৰেৰণাৰ সৃষ্টি কৰিলে।

উল্লেখযোগ্য যে, ৮৬ বছৰ বয়সত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা দ্বিতীয়টো স্নাতকোত্তৰ ডিগ্রী লাভ কৰি সৰোজিনী ভাগৱতী অসমত এই কৃতিত্ব অর্জন কৰা অন্যতম জ্যেষ্ঠ শিক্ষার্থী হিচাপে পৰিগণিত হৈছে, যিয়ে আজীৱন শিক্ষাৰ অর্থকেই নতুন ৰূপ দিছে। ইয়াৰ পূৰ্বে ৭২ বছৰ বয়সত তেখেতে ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছিল, যি কৃতিত্বই দেশ-বিদেশৰ সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছিল। কিন্তু সেই সফলতাকেই অন্তিম বুলি নধৰি, তেখেত পুনৰ উচ্চ শিক্ষালৈ উভতি আহি নিজৰ মাতৃভাষা আৰু তাৰ সাহিত্যিক ঐতিহ্যক আনুষ্ঠানিকভাৱে অধ্যয়ন কৰাৰ সিদ্ধান্ত লয়।

ইফালে, নিজৰ পুৰণি সপোনৰ কথা স্মৰণ কৰি ভাগৱতীয়ে কয় যে, গুৱাহাটী বিশ্ববিদ্যালয় সদায়েই তেওঁৰ সপোনৰ গন্তব্যস্থান আছিল। যৌৱনত সন্দিকৈ হোষ্টেলত থাকোঁতে তেওঁ গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত থকা নিজৰ ভাতৃ, অৰুণাচল বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচার্য অধ্যাপক অন্নদা ভাগৱতীৰ কোৱাৰ্টাৰলৈ গৈ এম.এ. পঢ়াৰ পৰিকল্পনা কৰিছিল, আনকি ছপা পাঠ্যসূচীও সংগ্ৰহ কৰিছিল। কিন্তু বিএ সম্পূৰ্ণ কৰাৰ পিছত নলবাৰী জিলাৰ নিজৰ গাঁও বৰনন্দীলৈ উভতি যায় য'ত পিছলৈ তেওঁ বৰনৰ্দ্দী উচ্চ বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষক হিচাপে দুই দশকৰো অধিক সময় শিক্ষকতা কৰে।

নিয়মীয়া দৰমহা বা পেঞ্চনৰ সুবিধা নোহোৱাকৈ আজীৱন শিক্ষকতা কৰি এজন প্রতিষ্ঠাপক শিক্ষয়িত্রী হিচাপে এখন গ্রাম্য ভেন্সাৰ বিদ্যালয়ৰ পৰা নীৰৱে অৱসৰ গ্ৰহণ কৰে। তথাপি শিক্ষাৰ ওপৰত থকা তেখেতৰ বিশ্বাস কেতিয়াও ম্লান নহ'ল।

১৯৬০ দশকত সন্দিকৈ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী লাভ কৰা সৰোজিনী ভাগৱতীয়ে দুটা দশকৰো অধিক সময় ধৰি গ্ৰাম্য শিক্ষানুষ্ঠানত সেৱা আগবঢ়ায়। বহু বছৰৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰশিক্ষা কাৰ্যসূচীয়ে পুনৰ শিক্ষাৰ পথ মুকলি কৰি দিয়ে। সৰোজিনী ভাগৱতীয়ে ৭২ বছৰ বয়সত প্ৰথম আৰু ৮৬ বছৰ বয়সত দ্বিতীয় স্নাতকোত্তৰ ডিগ্রী লাভ কৰা এই যাত্ৰাক আজীৱন শিক্ষাৰ এক উজ্জ্বল নিদর্শন হিচাপে বহুলভাৱে স্বীকৃতি দিয়া হৈছে।

নিৰন্তৰ শিক্ষা আৰু বৌদ্ধিক নবীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা এই সময়ছোৱাত সৰোজিনী ভাগৱতীৰ জীৱনযাত্রাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তর্ভুক্তিমূলক শৈক্ষিক পৰিবেশৰ সাক্ষ্য বহন কৰাৰ লগতে, যিকোনো বয়সতে শিকিবলৈ মানুহৰ অন্তহীন আগ্রহকো প্রতিফলিত কৰিছে।

গুৱাহাটী বিশ্ববিদ্যালয়