'NAAC'ক আদৰিবলৈ সাজু গুৱাহাটী বিশ্ববিদ্যালয়...

'NAAC'ক আদৰিবলৈ সাজু গুৱাহাটী বিশ্ববিদ্যালয়...
Published on
Updated on

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী বিশ্ববিদ্যালয়ে অহা ২৬ জুনৰ পৰা ২৮ জুনলৈকে বিশ্ববিদ্যালয়খনত চতুৰ্থ চক্ৰৰ মূল্যায়ন আৰু স্বীকৃতি প্ৰদানৰ বাবে আহিবলগীয়া" ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদ"ক আদৰিবলৈ সাজু হৈছে। উক্ত তিনিদিনত ২০১৮ চনত মূল্যায়নৰ তৃতীয় চক্ৰত ‘এ’ গ্ৰেড প্ৰাপ্ত উত্তৰ-পূব ভাৰতৰ প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয়ৰ মানদণ্ড আৰু সামগ্ৰিক প্ৰদৰ্শনৰ মূল্যায়নৰ বাবে দলটোৱে মূল্যায়ন তথা যাৱতীয় ক্ৰিয়া-কলাপ চলাব বুলি আশা কৰা হৈছে ।

বিশ্ববিদ্যালয়ৰ তত্ত্বগধুৰ ধাৰাবাহিক আলোচনা, পাৰস্পৰিক ক্ৰিয়া-কলাপ আৰু উপস্থাপনৰ জৰিয়তে এই মূল্যায়ন আৰম্ভ হোৱাৰ আশা কৰা হৈছে । মূল্যায়ন আৰু স্বীকৃতি পৰিষদৰ সন্মুখত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰতাপ জ্যোতি সন্দিকৈৰ দ্বাৰা বিশ্ববিদ্যালয়ৰ কৃতিত্বৰ প্ৰদৰ্শন তথা আভ্যন্তৰীণ গুণগত নিশ্চয়তা কোষ (আই কিউ এ চি)ৰ কাৰ্যকলাপ আৰু অন্যান্য সকলো বিভাগ আৰু কাৰ্যালয়ৰ সফলতা উপস্থাপন কৰা হ'ব। পৰিদৰ্শনৰ সময়ছোৱাত দলটোৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱককে ধৰি বিশ্ববিদ্যালয়ৰ সমূহ সদস্যৰ লগত বাৰ্তালাপ কৰিব । বিশ্ববিদ্যালয়ৰ বহুমুখীতা আৰু শৈক্ষিক খণ্ডৰ বুজ লবলৈ মূল্যাংকন দলটোৱে বিভিন্ন বিভাগ, পুথিভঁৰাল আৰু বিশ্ববিদ্যালয়ৰ মূল সদস্যসকলৰ লগতে প্ৰশাসনিক বিভাগসমূহৰ সৈতেও মত বিনিময় কৰাৰ আশা কৰা হৈছে ।

ইয়াৰ উপৰিও উত্তৰ-পূবৰ চহকী সাংস্কৃতিক বৈচিত্ৰ্য প্ৰদৰ্শনৰ বাবে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ’ব তথা বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীসকলেও এই কাৰ্যসূচীত নিজৰ সংস্কৃতি আৰু ঐতিহ্য প্ৰদৰ্শন কৰিব।

বিগত বহু বৰ্ষত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন মঞ্চত ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। নিৰ্ধাৰিত তিনিদিনীয়া পৰিদৰ্শনৰ সময়ছোৱাত দলটোৱে কেৰিয়াৰ গাইডেন্স সেৱা, স্বাস্থ্য সেৱাৰ সুবিধা, হোষ্টেলৰ সুবিধা, ছাত্ৰ কল্যাণমূলক কাৰ্য্যকলাপ তথা বিভিন্ন বিভাগসমূহৰ লগত বৈঠক অনুষ্ঠিত কৰিব।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য অধ্যাপক প্ৰতাপ জ্যোতি সন্দিকৈ আশাবাদী যে বিশ্ববিদ্যালয়খনে ইয়াৰ অংশীদাৰসকলৰ আশা পূৰণ কৰিবলৈ সক্ষম হ’ব লগতে তেওঁ এই গুৰুত্বপূৰ্ণ মূল্যায়ন সময়ছোৱাত সংশ্লিষ্ট সকলোকে সহযোগিতা আৰু সমৰ্থনৰ বাবে আবেদন জনায়।

'NAAC'ক আদৰিবলৈ সাজু গুৱাহাটী বিশ্ববিদ্যালয়...
"তাঁতশালখনৰ প্ৰকৃত প্ৰয়োগে নিবনুৱা সমস্যা ৰোধত ব্যাপক ভূমিকা ল'ব"- ৰঙালীৰ মঞ্চৰ পৰা পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াৰ আহ্বান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in