/asomiyapratidin/media/media_files/2026/01/26/ihhhff-2026-01-26-20-12-45.jpg)
ডিজিটেল সংবাদ,মিৰ্জাঃ সদৌ অসম কবি সন্মিলনৰ ৰাজ্যিক উপ-সমিতিৰ যুৱ বিভাগৰ সমন্বয়ক পঞ্চমী সৰকাৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাহিত্য সম্পাদক প্ৰাণজিৎ কোঁচৰ আহ্বানমৰ্মে কালি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰেক্ষাগৃহত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচী " যুৱ কণ্ঠৰ কবিতা" নামেৰে এটি অনুষ্ঠান পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয়।
এই অনুষ্ঠানৰ আৰম্ভণিতে সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত কামৰূপ জিলাৰ কৃষ্ণচূড়া শাখাৰ সম্পাদক প্ৰণতি দাসৰ নেতৃত্বত সদস্যাসকলে সমবেত সংগীত পৰিৱেশন কৰে।পিছত সদৌ অসম কবি সন্মিলনৰ সম্পাদক কৃষ্ণ দৈমাৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ শ্বাহিদ আলমে যুটীয়াভাৱে আঁত ধৰা অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক চৈয়দ পাৰভিজ হুচেইনে।
এই অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° কামালুদ্দিন আহমেদে। বিশিষ্ট অতিথিৰ বক্তব্য ৰাখে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ জেষ্ঠ অধ্যাপক ড° কিশোৰ মোহন ভট্টাচাৰ্যই। 'যুৱ কণ্ঠৰ কবিতা' অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভাষাতত্ত্ব বিভাগৰ অধ্যাপিকা ড° সেউজী শৰ্মা,সদৌ অসম কবি সন্মিলনৰ সাংগঠনিক সম্পাদক মৃণাল কুমাৰ বৰা, সদৌ অসম কবি সন্মিলনৰ ৰাজ্যিক উপ-সমিতিৰ সমন্বয়ক পঞ্চমী সৰকাৰ যুৱ শাখা , সদৌ অসম কবি সন্মিলনৰ ৰাজ্যিক সাধাৰণ পৰিষদৰ সাধাৰণ সদস্য কুমাৰ ৰাহুল, কামৰূপ মহানগৰ জিলা কবি সন্মিলনৰ সভাপতি আৰু সম্পাদক ক্ৰমে মৌচুম বুঢ়াগোহাঁই আৰু শেৱালি দাস, কামৰূপ জিলা কবি সন্মিলনৰ উপ সভাপতি আৰু সম্পাদক ক্ৰমে ড° শেৱালি দাস কলিতা আৰু অচ্যুত কলিতাৰ লগতে কেইবাটাও শাখাৰ সভাপতি, সম্পাদক প্ৰমুখ্য কৰি সদস্যসকল।
সদৌ অসম কবি সন্মিলনৰ ৰাজ্যিক উপ সমিতিৰ যুৱ শাখাৰ সমন্বয়ক পঞ্চমী সৰকাৰে আদৰণি ভাষণত ছাত্ৰ-ছাত্ৰী সকলৰ কাব্যিক প্ৰতিভা বিকাশৰ হকে বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু বিদ্যালয় সমূহত সদৌ অসম কবি সন্মিলনৰ প্ৰয়োজনীয়তা সম্পৰ্কে পোষকতা কৰে। ইতিমধ্যে পঞ্চমী সৰকাৰে অসমৰ সাত খন বিশ্ববিদ্যালয়ত যেনে গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ লগতে চাৰিখনকৈ মহাবিদ্যালয়ৰ কেইগৰাকীমান অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীৰ লগত যোগাযোগ কৰে বুলি জনায় আৰু যুৱ শাখাৰ উদ্দেশ্য সম্পৰ্কেও কিছু কথা উল্লেখ কৰে। ইয়াৰ পিছতে "যুৱ কণ্ঠৰ কবিতা" পাঠৰ অনুষ্ঠান আৰম্ভ কৰা হয়।
কবিতা পাঠৰ অনুষ্ঠানটো সঞ্চালনা কৰে বিশিষ্ট কবি তথা সাহিত্য একাডেমী যুৱ কবি বঁটা প্ৰাপক ড০ বিজয় শংকৰ বৰ্মনে। কবিতা পাঠৰ অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত বি. বৰুৱা মহাবিদ্যালয়ৰ পৰা আমন্ত্ৰিত যুৱ কবিসকল উপস্থিত থাকে আৰু প্ৰায় ৭০ গৰাকী যুৱ কবি তথা শিক্ষাৰ্থীসকলে কবিতা পাঠ কৰে। উল্লেখ্যযে উক্ত কবিতা পাঠৰ অনুষ্ঠানতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে গুৱাহাটী বিশ্ববিদ্যালয়ত সদৌ অসম কবি সন্মিলনৰ এটি গোট গঠন কৰিবৰ বাবে প্ৰস্তাৱ আগবঢ়ায়। মুখ্য অতিথি ড° কামালুদ্দিন আহমেদ আৰু বিশিষ্ট অতিথি ড° কিশোৰ মোহন ভট্টাচাৰ্যৰ উপস্থিতিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাহিত্য সম্পাদক প্ৰাণজিৎ কোঁচক মুখ্য আহ্বায়ক হিচাপে লৈ পৰৰ্বতী পৰ্যায়ত বিশ্ববিদ্যালয়ত এটি গোট গঠন কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়।
শেষত সঞ্চালক ভাষণৰ পিছতেই শলাগৰ শৰাই আগবঢ়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ শ্বামিন আলমে। আলমে সদৌ অসম কবি সন্মিলনৰ ৰাজ্যিক উপ সমিতিৰ যুৱ শাখাৰ সমন্বয়ক পঞ্চমী সৰকাৰৰ তত্ত্বাবধানত যুৱ শাখাৰ প্ৰথমটো অনুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত আয়োজন কৰাৰ বাবে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে। সদৌ শেষত কাব্য মন্ত্ৰ পাঠ কৰোৱাই সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক চৈয়দ পাৰভিজ হুছেইনে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us