ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী - জুবিন গাৰ্গৰ ওপজা দিন উপলক্ষে মননশীল অনুষ্ঠান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সতীৰ্থ সমাজৰ উদ্যোগত  আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ভাৰতৰত্ন ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সম্পৰ্কীয়  আলোচনা আৰু বক্তৃতা অনুষ্ঠান।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-17 at 4.50.16 PM

ডিজিটেল সংবাদ,গুৱাহাটীঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সতীৰ্থ সমাজৰ উদ্যোগত  আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ভাৰতৰত্ন ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সম্পৰ্কীয়  আলোচনা আৰু বক্তৃতা অনুষ্ঠান। সতীৰ্থ সমাজৰ বাৰ্ষিক সন্মিলন , জুবিন গাৰ্গৰ জন্মদিন আৰু সুধাকণ্ঠ   ড০ ভূপেন হাজৰিকাৰ জন্ম শতবর্ষৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় এই অনুষ্ঠান। 

উল্লেখ্য যে বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহ তথা অসমীয়া বিভাগৰ সভাকক্ষত অসমৰ জাতীয় জীৱনত   ড০ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ উদ্বোধন কৰে বিশিষ্ট কণ্ঠশিল্পী সমৰ হাজৰিকাই। সতীৰ্থ সমাজৰ সভাপতি তথা বিশিষ্ট শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ উমেশ ডেকাই সঞ্চালনা কৰা উদ্বোধনী অনুষ্ঠানটোত মূল বক্তৃতা প্ৰদান কৰে বিশিষ্ট সংগীত শিল্পী লোকনাথ গোস্বামীয়ে।  ডঃ ডেকাই বন্তি প্ৰজ্জ্বলন কৰা অনুষ্ঠানটোৰ আঁত ধৰে সতীৰ্থ সমাজৰ সম্পাদক তথা  অসমীয়া বিভাগৰ অধ্যাপক বিমল মাজুমদাৰে।

আনপিনে  "জিলিকাব লুইতৰে পাৰ" শীৰ্ষক বিশ্ববিদ্যালয় সংগীতৰে আৰম্ভ হোৱা অনুষ্ঠানটোত বিভাগীয় মুৰব্বী অধ্যাপক কামালুদ্দিন আহমেদ আৰু সতীৰ্থ সমাজৰ কাৰ্যকৰী সভাপতি তথা অধ্যাপক কনক চন্দ্ৰ চহৰীয়াইও মঞ্চত উপস্থিত থাকে। উদ্বোধনী ভাষণ প্ৰদান কৰি সমৰ হাজৰিকাই সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সতে থকা আত্মীয়তাৰ কথা ব্যক্ত কৰে। বিশ্ববিদ্যালয়খনৰ প্ৰতি ড০  হাজৰিকাৰ কেতবোৰ সপোন আছিল বুলি উল্লেখ কৰে। অৱশ্যে তাক লৈ ড০ হাজৰিকাৰ কোনো আক্ষেপ নাছিল বুলি মন্তব্য কৰে সমৰ হাজৰিকাই।

তাৰোপৰি  এদিন বৰঝাৰ বিমান বান্দৰৰ পৰা বিশ্ববিদ্যালয়ৰ মাজেৰে গুৱাহাটীৰ ঘৰলৈ গৈ থকা অৱস্থাত সমৰ হাজৰিকাক   ডঃ হাজাৰকাই কৈছিল যে- "গুৱাহাটী বিশ্ববিদ্যালয়ত থাকিলে মই হয়তো এদিন উপাচাৰ্য হব পাৰিলোঁহেতেন। তাতকৈ ওপৰলৈ যাব পৰা সুবিধা হয়তো নাথাকিলহেতেন। সেয়ে বিশ্ববিদ্যালয়ৰ শিক্ষকতাৰ পৰা মই আধাতে ওলাই যাবলগীয়া হোৱাত কোনো আক্ষেপ নাই"।

 ইপিনে মূল ভাষণ প্ৰদান কৰি লোকনাথ গোস্বামীয়ে  ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ জীৱন-দৰ্শন- কীৰ্তি সন্দৰ্ভত বিশদ আলোচনা আগবঢ়াই। ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ বিষ্ণু প্ৰসাদ ৰাভাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে দুয়োগৰাকী শিল্পী যাযাবৰ আছিল। দুইজনে ব্যতিক্ৰমী কামৰ মাজেৰে নিজৰ সৃষ্টিক প্ৰতিফলিত কৰিছিল। জুবিন গাৰ্গে গতানুগতিকতাৰ পৰা আঁতৰি গৈ কৰা কাম কাজেৰে নিজৰ সৃষ্টিশীলতা আৰু  সমাজ পৰিবৰ্তনৰ সপোন দেখিছিল। তেওঁৰ ব্যতিক্ৰমী কাম কাজে প্ৰচলিত সমাজ ব্যৱস্থাৰ বিপৰীতে ৰূপান্তৰৰ কথা কব বিচাৰিছিল। ডঃ উমেশ ডেকাই ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ সান্নিধ্য লাভৰ কথা ভাষণ  প্ৰসংগত উল্লেখ কৰে। প্ৰথম দিনৰ কাৰ্য্যসূচীত অনুষ্ঠিত হয় আলোচনা চক্ৰৰ দুখন সত্ৰ। দুখন আলোচনা সত্ৰত পাঠ কৰা হয় শতাধিক আলোচনা পত্ৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, গৱেষক শিক্ষাৰ্থীয়ে পাঠ কৰে আলোচনা পত্ৰ।  

ইপিনে ৰাষ্ট্ৰীয় আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃ উপেন ৰাভা হাকাচাম, ডঃ প্ৰফুল্ল কুমাৰ নাথ, ডঃ বিভা ভৰালী,ডঃ প্ৰণীতা দেৱী, ডঃ লক্ষ্মী দাস পাঠক, ডঃ দীপামণি বৰুৱা দাস,  ডঃ বনানী চক্ৰৱৰ্তী, ডঃ প্ৰাঞ্জল শৰ্মা বশিষ্ঠ, ডঃ প্ৰসন্ন কুমাৰ নাথ,ডঃ স্বাতী কিৰণ, ডঃ ডেনিচ ৰাভা, ডঃ উপেন ডেকা কে ধৰি কেবাগৰাকীও অধ্যাপক-শিক্ষাবিদে। কাইলৈ দ্বিতীয় দিনৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰিব বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা আৰু সতীৰ্থ সমাজৰ সভাপতি অধ্যাপক উমেশ ডেকাই। স্মৃতি তৰ্পণ কৰিব  ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ পৰিয়ালৰ সদস্যই। ভূপেন হাজৰিকাৰ বিষয়ত মূল বক্তৃতা প্ৰদান কৰিব বিশিষ্ট শিল্পী কমল কটকীয়ে। জুবিন গাৰ্গৰ বিষয়ক মূল বক্তৃতা প্ৰদান কৰিব বিশিষ্ট অভিনেতা ৰবি শৰ্মাই। সতীৰ্থ সন্মিলন সঞ্চালনা কৰিব শিক্ষাবিদ ডঃ লক্ষ্মী দাস পাঠক আৰু বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ কামালুদ্দিন আহমেদে।

আনফালে মুকলি সভা উদ্বোধন কৰিব বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই। ডঃ উমেশ ডেকাই সঞ্চালনা কৰিবলগীয়া মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহৰু আসনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক শৈলেন ভৰালীয়ে। মুকলি সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক লীলাৱতী শইকীয়া বৰা, অধ্যাপক দীপ্তি ফুকন পাটগিৰি, অধ্যাপক মালিনী গোস্বামী, অধ্যাপক প্রদীপজ্যোতি মহন্তকে কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে। অনুষ্ঠানত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব বিশিষ্ট সাহিত্যিক-সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে। সন্ধিয়া দুই মহান শিল্পীৰ স্মৰণত ৰূপায়িত হ'ব বন্তি প্ৰজ্জ্বলন কাৰ্যসূচী।

গুৱাহাটী গুৱাহাটী বিশ্ববিদ্যালয়